দুঃসময় – অমিয় কুমাৰ দাস

মৃত্যুৰ লহৰত প্ৰজ্বলিত চিতা
কালধুমুহাৰ সংসাৰত
মৃতকৰ লানি নিচিগা সোঁত
অভাৱনীয়, অপ্ৰত্যাশিত এই মৃত্যুৰ কিৰিলি
অস্পৰ্শণীয়, অস্পৃশ্য চিতাৰ উত্তাপ
চাব নোৱাৰি, চুব নোৱাৰি
ধোৱা কণ দূৰৈৰ পৰাই দৃশ্যমান
ধোৱাখিনিতে নিহিত হৈ আছে
সম্বন্ধৰ অন্তিম এনাজৰী–
প্রজ্বলিত মৃতকৰ অন্তিম
যাত্ৰাৰ মৰ্মবেদনা।
আত্মীয়জন অসহায় অকাতৰ
সম্বন্ধৰ অসহনীয় বিচ্ছেদত।
প্ৰাণৰ আকুলতাই আৱৰি ৰখা
আত্মীয়ৰ বিচ্ছেদত
ক্ষত বিক্ষত কলিজাত
সোমাই থাকিল দুখ কোঁহে কোঁহে।
চকুৰ লোতক হৰে উন্মাদ মনত
আপোন জনৰ স্মৃতি সুঁৱৰি
অপ্রত্যাশিত, অব্যক্ত
বেদনাত ভাৰাক্ৰান্ত মনপ্রাণ।