দীন – চাকি ফাউণ্ডেশ্যনৰ উদ্যোগত আন্তজাতিক নাৰী দিৱস উদযাপন

দীন – চাকি ফাউণ্ডেশ্যনৰ উদ্যোগত আন্তজাতিক নাৰী দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব নাৰী দিৱসৰ লগত সংগতি ৰাখি দীন-চাকি ফাউণ্ডেশ্যনৰ উদ্যোগত দুদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। এগছি মংগল বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে ফাউণ্ডেশ্যনৰ সঞ্চালক চুমী ৰহমানে। অনুষ্ঠানত উপস্থিত থাকে মঞ্চৰ উপদেষ্টা ঊষামণি শইকীয়া , ৰীণা বেগম , মেঘালী শৰ্মাৰ লগতে আৰু বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে । নাৰী এক সামাজিক সত্তা । প্ৰতি গৰাকী নাৰীৰ মাজত আমি দেখিবলৈ পাও দশৰূপা দেৱী দুৰ্গাৰ অনেক ৰূপ । সেয়েহে দীন চাকি ফাউণ্ডেশ্যনৰ এক ব্যতিক্ৰমী পদক্ষেপ তেওঁলোকে সমাজৰ সকলো নাৰীকে সন্মানৰ পাত্ৰ বুলি ভাবে । সমাজত নিজ গুণেৰে প্ৰতিষ্ঠা লাভ কৰা সেই সকল নাৰীক আদৰ্শ হিচাপে লৈয়ে সমাজৰ সেইখিনি নাৰীক সন্মান যাচিছে যি গৰাকী নাৰীয়ে পুৱাৰ পৰা গধূলিলৈ আমাৰ ঘৰখনৰ চোৱা চিতা কৰে ভাত ৰন্ধা , বাচন ধোৱা, কাপোৰ ধোৱা আদি কামবোৰ কৰে । তেওঁলোকে যদি এদিন আহি পাওঁতেও এঘণ্টা দেৰি কৰে সকলো খেলি মেলি লাগি যায় । সেই সকল হৈছে আপোনাৰ মোৰ তেখেতৰ ঘৰৰ কামত সহায় কৰোঁ‌তা মেইড সকল । দুদিনীয়াকৈ হোৱা এই অনুষ্ঠানত নাৰায়ণ হস্পিতালৰ ডাক্তৰ সকলৰ সহযোগত প্ৰথম দিনা বিনামূলীয়াকৈ তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হয় আৰু ঔষধ বিতৰণো কৰা হয় । উক্ত অনুষ্ঠানত প্ৰায় পোন্ধৰ বিশ গৰাকী নাৰীক ফাউণ্ডেশ্যনৰ তৰফৰ পৰা নতুন কাপোৰ, ছাতি , নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰদান কৰা হয় । এই সন্দৰ্ভত ফাউণ্ডেশ্যনটোৰ সঞ্চালিকা তথা প্ৰতিষ্ঠাপক চুমী ৰহমানে কয় যে এই নাৰীসকল সুস্থ হৈ থাকিলেহে সমাজৰ হৈ কাম কৰা অন্য দহগৰাকী নাৰীয়ে তেতিয়াহে ঘৰৰ পৰা বাহিৰত গৈ কাম কৰা অৰ্থাত চাকৰী কৰিবলৈ সুবিধা পাব । এই সকল নাৰীক মানসিক আৰু শাৰিৰীক ভাবে সুস্থ কৰি ৰখাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা বুলি উল্লেখ কৰিছে।