দীঘলীপুখুৰীত অস্বাভাৱিক হাৰত মৃত্যু হৈছে শ শ মাছৰ

অনলাইন বার্তাসেৱা- দীঘলীপুখুৰীত অস্বাভাৱিক হাৰত মৃত্যু হৈছে শ শ মাছৰ। যোৱা শনিবাৰৰে পৰা দীঘলী পুখুৰীত আৰম্ভ হৈছে মাছৰ মৃত্যু প্ৰক্ৰিয়া। দেওবাৰে পুৱাৰ ভাগতে দীঘলীপুখুৰীত উপঙি থকা দেখা যায় শ শ সৰু-ডাঙৰ মাছ। মৃত্যু হোৱা এই মাছৰ ওজন ১ কেজিৰ পৰা ১০কেজি পৰ্যন্ত।

গুৱাহাটীৰ মাজমজিয়াতে থকা ঐতিহ্যমণ্ডিত এই পুখুৰীটোত হঠাতে কিয় এনে মাছৰ মৃত্যু প্ৰক্ৰিয়া আৰম্ভ হল তাক লৈ তদন্ত চলাই হৈছে যদিও প্ৰাৰম্ভিক পৰ্যায়ৰ তদন্তত অক্সিজেনৰ মাত্ৰা কম হোৱাৰ ফলতে মৃত্যুৰ আশংকা কৰা হৈছে।

ইফালে মীন বিভাগৰ লোক আহি দীঘলী পুখুৰীত উপস্থিত হৈ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কিন্তু বৰ্তমানেও পুখুৰীৰ পানীত চটফটাই আছে বহু মাছ। মৃত্যু হোৱা ভিতৰত আছে ৰৌ, ভকুৱা, মিৰিকা, ছিলভাৰ কাৰ্প, কমল কাৰ্প, জাপানী কাৱৈ আদি প্ৰজাতিৰ মাছ। ইফালে মাছৰ অস্বাভাৱিক মৃত্যুৰ পাছতে দুগন্ধৰে ভৰি পৰিছে সমগ্ৰ অঞ্চল। (UTPAL)