দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ 

Pc India Today

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা মনীষ ছিছ’দিয়াক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে। দিল্লীৰ আবকাৰী নীতি প্ৰণয়নত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত এক গোচৰত প্ৰায় ৮ ঘণ্টা ধৰি জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে। সূত্ৰ অনুসৰি আইপিচিৰ ধাৰা 120-B, 477A, PC Act 7 ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। কাইলৈ ​​তেওঁলোকক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰি ৰিমাণ্ড বিচাৰিব চিবিআইয়ে। চিবিআইৰ সূত্ৰ অনুসৰি, ছিছ’দিয়াক প্ৰমাণ নষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। সূত্ৰ অনুসৰি, ছিছ’দিয়াৰ বিৰুদ্ধে কেইবাটাও ফোন চেট ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে। ইফালে চিবিআইৰ মুখ্য কাৰ্যালয়ৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।