দিল্লীত উজলিছে আহোম সাম্ৰাজ্যৰ স্বৰ্ণিল ইতিহাস

Pc Facebook

ৰঙিলী বাৰ্ত্তাসেৱা- আহোম সাম্ৰাজ্যৰ ৬০০ বছৰীয়া স্বৰ্ণিল ইতিহাস প্ৰতিফলিত হৈছে দেশৰ ৰাজধানী নতুন দিল্লীত৷দিল্লীত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীত জিলিকি উঠিছে অসমৰ অতীত৷ চৌদিশে গুজৰিত হৈছে মহাবীৰ লাচিতৰ শৌৰ্য আৰু বীৰ্য৷ উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে মহাবীৰ লাচিতক এগৰাকী মহান  দেশপ্ৰেমিক বুলি অভিহিত কৰি তেওঁ কয় যে অসাধাৰণ শৌৰ্য, সাহস তথা ৰণকৌশলৰ পৰিচয় দাঙি ধৰা বীৰগৰাকীৰ বিষয়ে প্ৰতিগৰাকী ভাৰতীয়ই জনাৰ প্ৰয়োজন আছে৷ অসমৰ শিল্পকলা তথা পৰম্পৰাৰ শলাগ লৈ তেওঁ কয় যে অসমৰ লোকসকলে বুৰঞ্জী সংৰক্ষণ কৰি ৰখাটো এক উল্লেখযোগ্য দিশ৷ আনহাতে আহোমসকলৰ মৈদামক ইজি৫১ পিৰামিডৰ সৈতে তুলনা কৰি তেওঁ কয় যে এই ঐতিহাসিক সম্পদসমূহ ৰাজ্য চৰকাৰখনে সংৰক্ষণ কৰি বিশ্বত প্ৰচাৰৰ ব্যৱস্থা কৰক৷ কিয়নো ইজি৫১ পিৰামিডৰ দৰে আমাৰো মৈদাম আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায়ে উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ বুলি অভিহিত কৰাৰ কথা উল্লেখ কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে মোগলক আহোমসকলে প্ৰতিহত কৰাৰ বাবেই উত্তৰ-পূব তথা দক্ষিণ-পূব এছিয়াত মোগলে প্ৰৱেশ কৰিব নোৱাৰিলে৷ আহোম যুগৰ স্বৰ্ণিল ইতিহাস দেশবাসীৰ আগত তুলি ধৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰক আহবান জনাই কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই দিশত অসম চৰকাৰক সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ সাংস্কৃতিক মন্ত্ৰ্যালয়ক অনুৰোধ জনাব৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী সীতাৰমণে অসমৰ ২০০০ বছৰীয়া ইতিহাস প্ৰতিফলিত কৰি আয়োজন কৰা এখন প্ৰদৰ্শনীৰ দ্বাৰো আনুষ্ঠানিকভাৱে মুকলি কৰে৷ আনহাতে, অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো আমাৰ বাবে ঐতিহাসিক তথা চিৰস্মৰণীয় দিন৷ অসাধাৰণ সাহস, দেশপ্ৰেম আৰু ত্যাগৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা লাচিত বৰফুকন নিঃসন্দেহে দেশৰ ইতিহাসৰ অন্যতম গৌৰৱোজ্জ্বল অধ্যায়৷ ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত লাচিতৰ অতুলনীয় নেতৃত্ব আৰু অসাধাৰণ পৰাক্ৰমে আহোম ৰাজত্বৰ ধাৰাবাহিকতা সুনিশ্চিত কৰাৰ উপৰি খিলঞ্জীয়া অসমীয়াৰ স্বকীয়তা আৰু সংস্কৃতিক সুৰক্ষিত কৰিছিল৷ এই যুদ্ধত আগ্ৰাসী মোগলৰ হাতত যদি আহোমসকলৰ পৰাজয় হ’লহেঁতেন, তেন্তে অকল অসমৰে নহয়, বৰং সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ সাংস্কৃতিক পৰিচয়ে অন্য ৰূপ ল’লেহেঁতেন৷ সেয়েহে প্ৰাচীন আৰু মধ্যযুগৰ আন মহান যোদ্ধা আৰু ৰজাসকলক যিদৰে গুৰুত্ব প্ৰদান কৰা হৈছে, একেদৰে লাচিত বৰফুকনকো ইতিহাসৰ পৃষ্ঠাত উপযুক্ত স্থান দিয়া উচিত৷ তেওঁ কয় যে ইতিহাসৰ পাতত মহান দেশপ্ৰেমিকগৰাকীক উপযুক্ত স্থান দিয়াৰ বাবে দিল্লীত লাচিত দিৱস উদ্‌যাপনেৰে ৰাজ্য চৰকাৰে এক বিনম্ৰ প্ৰয়াস কৰিছে৷ যি সময়ত ভাৰত উপমহাদেশৰ অন্যান্য প্ৰান্তত ইছলামিক আগ্ৰাসনকাৰীৰ দ্বাৰা খিলঞ্জীয়া ভাৰতীয়ৰ সাংস্কৃতিক পৰিচয়ৰ অস্থিৰতা আৰু ধবংস এটা নিয়মত পৰিণত হৈছিল, সেই সময়ত ৰাজনৈতিক সুস্থিৰতা আৰু ঐক্য প্ৰদান কৰাৰ ক্ষেত্ৰত আহোম শাসনৰ ভূমিকাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এনে গৌৰৱ গাথা সত্ত্বেও আহোম শাসন আৰু লাচিত বৰফুকনৰ দৰে সেনাপতিৰ বিষয়ে অগ্ৰণী ইতিহাসবিদসকলৰ দ্বাৰা আলোচনা, লেখন আৰু গৱেষণা কৰা পৰিলক্ষিত হোৱা নাই৷ তেওঁ এই ধাৰাটোৰ বিপৰীতে এনেধৰণৰ পদক্ষেপে বহুখিনি সহায় কৰিব বুলি আশা প্ৰকাশ কৰে৷ মোগলে যদি অসমক নিজৰ দখললৈ নিব পাৰিলেহেঁতেন তেনেহ’লে অসমৰ নহয় সমগ্ৰ দক্ষিণ-পূব এছিয়াৰে সংস্কৃতি তথা সভ্যতা সলনি হৈ গ’লহেঁতেন বুলি জনাই তেওঁ লগতে কয় যে মোগলসকলে ইছলাম ধৰ্ম প্ৰচাৰত সৰ্বাধিক গুৰুত্ব দিছিল৷ কিন্তু মোগলক পৰাজয় কৰা লাচিত বৰফুকনৰ দৰে বীৰো ভাৰতৰ বুৰঞ্জীত উপেক্ষিত বুলি মত প্ৰকাশ কৰি তেওঁ লগতে কয় যে বুৰঞ্জীবিদসকলে ঔৰংজেৱ, মোগলসকলৰ বিষয়ে যিদৰে লিখিলে সেইদৰে কিন্তু আন বীৰসকলৰ কথা লিখি থৈ নগ’ল৷ অথচ লাচিত ঔৰংজেৱতকৈও সুদক্ষ যোদ্ধা আছিল৷ অনুষ্ঠানৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীয়ে গামোচা, এৰী শ্বল, লাচিতৰ মূৰ্তি, হেংদাং আদি প্ৰদানেৰে আদৰণি জনায়৷ উল্লেখযোগ্য যে কাইলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷