দিপাৱলীত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ আতচবাজী ফুটোৱাত নিষেধাজ্ঞা

Pc The Janambhumi

দিপাৱলীত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ আতচবাজী ফুটোৱাত নিষেধাজ্ঞা

ৰঙিলী বাৰ্ত্তাসেৱা-  পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী৷প্ৰতিবছৰেই দিপাৱলীৰ সময়ত প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰে৷এইবাৰো ৰাজ্যত প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে দীপাৱলীৰ সময়ত আতচবাজীৰ ফলত সৃষ্টি হোৱা শব্দ আৰু বায়ু প্ৰদূষণ নিৰীক্ষণ কৰিবলৈ গুৱাহাটী চহৰত এটা পষেকীয়া ড্ৰাইভ আৰু আন সাতখন ঠাইত দুদিনীয়া অভিযান চলাবলৈ সিদ্ধান্ত লৈছে৷উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কাৰ্যকৰীকৰণ নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে৷সেই অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত আতচবাজী ফুটোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷উচ্চতম ন্যায়ালয়ে ১২৫ ডেচিবেল বা ১৪৫ ডেচিবেলতকৈ অধিক শব্দৰ স্তৰ সৃষ্টি কৰা আতচবাজী নিৰ্মাণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছিল৷সেয়ে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে অক্টোবৰত গুৱাহাটী, ডিব্ৰুগড়, নগাঁও, গোলাঘাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁওৰ কিছুমান স্থানত দেৱালীৰ পূৰ্বে পৰিৱেশৰ বায়ুৰ মানদণ্ড আৰু শব্দ-স্তৰৰ নিৰীক্ষণ কৰিব৷