দিনবোৰ এদিন সলনি হ’ৱ-ঋষভ

Pc- walking into the future

দিনবোৰ এদিন সলনি হ’ৱ

দিনবোৰ এদিন সলনি হ’ৱ
প্ৰয়োজনবোৰো নতুন হ’ৱ
পাখিলগা সময়ৰ পিঠিত বহি লৈ
ন-সূৰুজে ভুমুকিয়াব |

আজি য’ত তুমি মই ৰৈ আছোঁ
কাইলৈ কোনোবা নতুন আহিব
ভৱিষ্যতবোৰ পাৰহৈ হৈ
বৰ্তমানবোৰ অতীত হ’ব….

এইদিনবোৰো এদিন সলনি হ’ৱ

ভাল লগা কথাবোৰ নিতৌ নেথাকে
বেয়া লগা বোৰৰো হয়তো প্ৰভাব কমিব
ৰিক্ত দুহাত লৈ উভতি গুছি যাবা
সময়বালিত সপোনৰ খোজবোৰ ৰৈ যাব |

এই দিনবোৰো এদিন সলনি হ’ৱ |