দিছপুৰ প্ৰেছ ক্লাৱত “জনজাতি ধৰ্ম, সংস্কৃতি-সুৰক্ষা মঞ্চ” অসম প্ৰদেশৰ সংবাদমেল

দিছপুৰ প্ৰেছ ক্লাৱত “জনজাতি ধৰ্ম, সংস্কৃতি-সুৰক্ষা মঞ্চ” অসম প্ৰদেশৰ সংবাদমেল
ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰথমতে সকলো সন্মানীয় সাংবাদিক বন্ধু-বান্ধৱীলৈ অসম প্ৰদেশ “জনজাতি ধৰ্ম, সংস্কৃতি-সুৰক্ষা মঞ্চ”ৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।  ধৰ্মান্তকৰণ আমাৰ দেশৰ এক জ্বলন্ত সমস্যা আৰু এই ধৰ্মান্তকৰণৰ প্ৰথম চিকাৰ হয় আমাৰ সমাজৰ দৰিদ্ৰ অনুসূচিত জনজাতীয় লোকসকল। তেখেতসকলৰ দৰিদ্ৰতাৰ সুযোগ লৈ বিভিন্ন ধৰণৰ প্ৰলোভনেৰে কৰাধৰ্মান্তকৰণ প্ৰক্ৰিয়াই তেখেতসকলৰ জনগোষ্ঠীয় ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ অস্তিত্বলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে। ধৰ্মৰ পৰিবৰ্তন মনেই সংস্কৃতিৰ পৰিবৰ্তন। ধৰ্ম-সংস্কৃতি বিহীন এটা জাতিয়ে কেতিয়াও এটা সম্পূৰ্ণ জাতি হিচাপে চিহ্নিত অথবা পৰিগণিত হ’ব নোৱাৰে । ধৰ্মান্তৰিত হোৱাৰ লগে লগেই ব্যক্তিজনে প্ৰথমে ধৰ্মীয় পৰম্পৰাগত ৰিতি-নীতি সলনি কৰে আৰু লাহে লাহে পূৰ্বৰ জনজাতীয় পৰম্পৰাগত নীতি- নিয়ম সমূহ যেনে বিবাহ মৃত্যুৰ সময়ত কৰা সৎকাৰ কৰ্ম আদিৰ সংস্কাৰ পদ্ধতিও সলনি কৰি শেষত সকলো ত্যাগ কৰে। এনেদৰে এই ধৰ্মান্তকৰণ প্ৰক্ৰিয়া চলি থাকিলে অতি সোনকালে অসমৰ জনজাতি- বড়ো, তিৱা, কাৰ্বি, ডিমাছা, গাৰো, ৰাভা, মিচিং আদি জনজাতি সকলৰ মূল(Original)-ভাষা, ধৰ্ম, সংস্কৃতি, আৰু পৰম্পৰাগত ৰীতি-নীতি হেৰুৱাই কেৱল পোছাকী বড়ো, তিৱা, কাৰ্বি, ডিমাছা, গাৰো, ৰাভা, মিচিং আদি হৈ থাকিব ।
  •  নিজস্ব ভাষা, ধৰ্ম, সংস্কৃতি পৰম্পৰাগত ৰীতি-নীতিয়েই এটা জাতিৰ চিনাকিৰ মূল উপাদান।
  •  ধৰ্মৰ পৰিবৰ্তন মানেই সংস্কৃতিৰ পৰিবৰ্তন।
  •  ধৰ্ম হেৰালেই সংস্কৃতি হেৰায়।
  •  ধৰ্ম সংস্কৃতি অবিহনে এটা জাতি হ’ব নোৱাৰে।
  •  ধৰ্ম সলনি হোৱাৰ লগে লগেই সংস্কৃতি (Traditions)সলনি হয়।
  • এটা জাতিৰ নিজস্ব ভাষা, ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰাক পৰষ্পৰৰ পৰা পৃথক কৰিব নোৱাৰি।
  •  নিজস্ব ভাষা, ধৰ্ম, সংস্কৃতি পৰম্পৰাগত ৰীতি-নীতি ত্যাগ কৰিলে সেই জাতিৰ অস্তিত্ব নিঃশেষ হয়।
  •  ধৰ্মান্তকৰণ অনুসূচীত জনজাতিৰ বাবে এটা মৰণ বাণ।
  • ধৰ্মান্তৰিত জনজাতি লোকসকলে দুটাকৈ আৰক্ষণ (Double Benefits) STআৰুMinorityৰসুবিধা লোৱাটো অসংবিধনিক আৰু অনৈতিক।
  •  অনুসূচীত জনজাতিৰ Status সংবিধানে কেৱল ধৰ্মৰ ভিত্তিতদিয়া নাই, আন মূল ভিত্তিবোৰ হল- সংস্কৃতি, পৰম্পৰা, বিচাৰ প্ৰথা আৰু জন্ম, বিৱাহ আৰু মৃত্যুৰ সময়ত কৰা পূজা- পাৰ্বন আৰু সত্কাৰ কৰাৰ পদ্ধতি ইত্যাদি। ধৰ্মান্তৰিত হোৱাৰ লগে লগে এই সকলোবোৰ সলনি হয়।
অনুসূচীত জনজাতি সকলৰ মূল ভাষা,ধৰ্ম,সংস্কৃতি আৰু পৰম্পৰাগত ৰীতি-নীতি সমূহক সাংবিধানিক ভাৱে সুৰক্ষিত কৰি জনজাতি লোকসকলৰ অস্তিত্বলৈ অহা ভাবুকিক প্ৰতিৰোধ কৰাৰ দাবীত অহা ২৬মাৰ্চতাৰিখে দিনৰ ১০.০০ বজাত গুৱাহাটীস্থিত খানাপাৰা খেল পথাৰত “চলৌ দিশপুৰ” নামেৰে এক বিশাল জনজাতীয় গণ সমাবেশৰ আয়োজন কৰা হৈছে। উক্ত সমাবেশত অসমৰ প্ৰত্যেকখন জিলাৰ পৰা এক লাখঅনুসূচীত জনজাতি লোকে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি বিশাল গণ সমাবেশত একত্ৰিত হৈ মহামহিম ৰাষ্ট্ৰপতি আৰু মাননীয় প্ৰধান মন্ত্ৰীলৈ সংবিধানৰ ধাৰা ৩৪২ৰ ২য় দফা সংশোধনী আনিবৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হব । শেষত অনুসূচীত জনজাতি লোকসকলক এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ কৰা এই সংগ্ৰামক সফল কৰিবৰ কাৰণে অসমৰ সকলো জাতি-জনগোষ্ঠী আৰু বিশেষকৈ সংবাদ মাধ্যমক পূৰ্ণ সহযোগিতা কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।