দিছপুৰ প্ৰেছ ক্লাবত ‘সীতাশ্ৰম’ গ্ৰন্থ উন্মোচন

দিছপুৰ প্ৰেছ ক্লাবত ‘সীতাশ্ৰম’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা–  দ্য ডাৰ্ক ৱৰ্ল্ড পাব্লিকেশনে প্ৰকাশ কৰি উলিওৱা গীত কামৰূপাৰ ‘সীতাশ্ৰম’ গ্ৰন্থখন দিছপুৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷উক্ত গ্ৰন্থখন উন্মোচন কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই৷তেওঁ উন্মোচন কৰি ভাষণত কয়- ‘সীতাশ্ৰম’ গ্ৰন্থখন সকলোৱে পঢ়াটো উচিত৷প্ৰেমৰ কোনো পৰিভাষা নাথাকে৷প্ৰেমৰ সংজ্ঞা বৈধ অবৈধ বুলি কথা নাথাকে৷‘সীতাশ্ৰম’ এখন কিতাপ নহয়৷ই হ’ব প্ৰকল্প৷এই প্ৰকল্পত যি ধৰ্মৰ নাৰীয়ে নাথাকক কিয় প্ৰতিজন নাৰীয়ে সেন্দুৰ লব লাগিব৷সভাত লেখিকা গীত কামৰূপাই গ্ৰন্থখনৰ বিভিন্ন দিশ বিশদভাৱে ব্যাখ্যা কৰে৷সভাত আয়ুব আলী শৰ্মাই উপস্থিত থাকি ভাষণ দিয়ে৷