দিছপুৰ প্ৰেছ ক্লাবত মানৱ অধিকাৰ দিৱস পালন

Pc IndiaTv News

দিছপুৰ প্ৰেছ ক্লাবত মানৱ অধিকাৰ দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  নেশ্বনেল হিউমেন ৰাইট অৰ্গিনেজেশ্বন,অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আজি দিছপুৰ প্ৰেছ ক্লাবত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস পালন কৰা হয়৷সংগঠনটোৰ অসম শাখাৰ সভাপতি ধনদ্বীপ কলিতাই পৌৰোহিত্য কৰা সভাত ৰাজ্যিক শাখাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ভৰালী,সম্পাদক উজ্জ্বল ভূঞা,এনিমেল ৰাইটৰ অসম শাখাৰ মুৰব্বী বিজুজ জাহান,ৰাজ্যিক শাখাৰ মিডিয়া চীফ অক্ষয় কুমাৰ হুজুৰী উপস্হিত থাকে৷আটাইকেইজনে ভাষণত অসম মানৱ অধিকাৰ সম্পৰ্কে ভৱিষ্যতে সজোৰে মাত মাতি যাবলৈ মত পোষণ কৰে৷