দিছপুৰ প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন

দিছপুৰ প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট সমাজকৰ্মী অনিল কলিতাৰ তিনিখন গ্ৰন্থ আৰু ভাস্বতী কলিতাৰ এখন শিশু গ্ৰন্থ দিছপুৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। এই উপলক্ষে শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে নৱাৰুণ শাখা সাহিত্য সভাৰ সভাপতি বিকাশ ৰায়মেধিয়ে। লেখক, সাংবাদিক আজিজুৰ ৰহমান শইকীয়াই আঁত ধৰা মনোজ্ঞ অনুষ্ঠানটি ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীতটিৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা কৰে নৱাৰুণ শাখা সাহিত্য সভাৰ সম্পাদক বৰ্ণালী বৰা বৈশ্যই। অনুষ্ঠানত অনিল কলিতাৰ গল্প সংকলন ‘গৰম জেলেপী’ উন্মোচন কৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতাই। প্ৰৱন্ধ সংকলন ‘দাসত্বৰ শিকলি চিঙি’ উন্মোচন কৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সম্পাদক দীপাংকৰ ৰায়মেধিয়ে।কাব্য সংকলন ’মানৱ আত্মা’ উন্মোচন কৰে শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ সভাপতি বিকাশ ৰায়মেধিয়ে। অনুষ্ঠানত ভাস্বতী কলিতাৰ শিশু গ্ৰন্থ ‘মোৰ গু খাওতা আছে কিন্তু মোক দিওতা নাই’ উন্মোচন কৰে বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিক প্ৰমোদা দেৱীয়ে। অনুষ্ঠানত যুতিকা গোস্বামীয়ে বৰগীত, বিজু দাসে লোকগীত আৰু উজ্জ্বলজ্যোতি দাসে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে৷