দিছপুৰ আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান চলায় ২০ গৰাকী গভাইত চোৰক গ্ৰেপ্তাৰ কৰে

pc-NDTV

দিছপুৰ আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান চলায় ২০ গৰাকী গভাইত চোৰক গ্ৰেপ্তাৰ কৰে

অনলাইন বাৰ্ত্তাসেৱা– দিছুপুৰ আৰক্ষীৰ তিনিটাকৈ অভিযানকাৰী দলে সোমবাৰে চলোৱা অভিযানত ১১টাকৈ চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি লেপটপ, মোবাইল ফোন আৰু বৈদ্যুতিক তাঁৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চোৰৰ বিৰুদ্ধে এই অভিযান অব্যাহত ৰখা দিছপুৰ আৰক্ষীয়ে মঙলবাৰে পুনৰ ৯টাকৈ চোৰক গ্ৰেপ্তাৰ কৰে। দুদিনীয়া অভিযানত চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি স্কুটীসহ বহু মূল্যৱান সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াজনে এক প্ৰেছ বিবৃতিযোগে সদৰী কৰা অনুসৰি দিছপুৰ থানাত পঞ্জীয়নকৃত দুটাকৈ গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষী হাতীগাওঁ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই মঙলবাৰে গ্ৰেপ্তাৰ কৰা চোৰকেইটা হৈছে মহিদুল আলী, নয়ন দাস, ধৰণী দাস, নুৰ হুছেইন, জান আলী, মীৰ হুছাইন, বিকি আলী, ৰাজেশ চাহু।

(R.T)