দক্ষিণ কামৰূপৰ কোভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ 

দক্ষিণ কামৰূপৰ কোভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ
অনলাইন বাৰ্ত্তাসেৱা-  কোভিড প্ৰতিষেধক প্ৰদানৰ বিভিন্ন দিশ বুজ লোৱাৰ অৰ্থে কামৰূপ জিলাৰ দক্ষিণ অঞ্চলৰ বিভিন্ন স্থানৰ কেইবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ দায়িত্বত থকা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে৷ এই কেন্দ্ৰকেইটা হৈছে–আজাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৰাজধৰ বৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়, মিৰ্জা সামূহিক স্বাস্থ্য কেন্দ্ৰ, ৰামপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ, ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বকো উচ্ছ-মাধ্যমিক বিদ্যালয় প্ৰতিষেধক প্ৰদান কেন্দ্ৰ৷  কেন্দ্ৰসমূহত সকলো ব্যৱস্থাপনা তদাৰক কৰাৰ লগতে প্ৰতিষেধক প্ৰদানকাৰী তথা প্ৰতিষেধক গ্ৰহণকাৰীসকলৰ লগত কথোপকথন কৰি অভিভাৱক মন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাত সফল হোৱাৰ বাবে জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ, আশাকৰ্মী আদিকে ধৰি এই কাৰ্য সম্পাদনৰ দায়িত্বত থকা প্ৰতিগৰাকী লোককে তেওঁ আন্তৰিক কৃতজ্ঞতা জনায়৷ জিলাখনৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিকে প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰাৰ বাবে দুৰ্গম অঞ্চলত প্ৰয়োজনত বিশেষ কেন্দ্ৰ স্থাপন কৰিবলৈও তেওঁ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে৷  কেন্দ্ৰ কেইটি পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে পলাশবাৰী, ছয়গাঁও আৰু বকো বিধান সভা সমষ্টিৰ বিধায়কত্ৰয় ক্ৰমে হেমাংগ ঠাকুৰীয়া, ৰেকিবুদ্দিন আহমেদ আৰু নন্দিতা দাস, জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে৷  উল্লেখযোগ্য যে জিলাখনৰ ৩৪টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত মুঠ ২৫৭০ গৰাকী লোকক ছিটা প্ৰদান কৰা হয়৷ ইয়াকে লৈ আজিলৈকে জিলাখনত মুঠ ৩,৬৭,৩৭৭ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ ইয়াৰে ৩,০৬,২১৯ গৰাকীয়ে প্ৰথম পালি আৰু ৬১,১৫৮ গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে৷