তৰনী কান্ত বৰ্মন বঁটা -২০২২ লাভ কৰে বিশিষ্ট চিত্ৰশিল্পী – কাৰ্টুনিষ্ট প্ৰদীপ নাথে

তৰনী কান্ত বৰ্মন বঁটা -২০২২ লাভ কৰে বিশিষ্ট চিত্ৰশিল্পী – কাৰ্টুনিষ্ট প্ৰদীপ নাথে

ৰঙিলী বাৰ্ত্তাসেৱা- ফটো সাংবাদিক “তৰনী কান্ত বৰ্মন বঁটা-২০২২” লাভ কৰে দ্যা আছাম ট্ৰিবিউন গোষ্ঠীৰ চিত্ৰশিল্পী- কাৰ্টুনিষ্ট প্ৰদীপ নাথে। ৰাজ্যিক মৰ্য্যদা লাভ কৰা অসমৰ প্ৰথম গৰাকী ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ ১৭ জানুৱাৰীৰ জম্ম জয়ন্তীত দিছপুৰৰ লোক নিৰ্মাণ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বঁটা প্ৰদান অনুষ্ঠানটো। ফটো জাৰ্ণেলিষ্ট তৰনী কান্ত বৰ্মন মেমৰিয়েল ট্ৰাষ্টে জনপ্ৰিয় ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ নামত চলিত বৰ্ষৰ পৰাই আৰম্ভ কৰে বঁটা প্ৰদান অনুষ্ঠান। ২০২০ চনৰ ২২ ফেব্ৰুৱাৰীত পৰোলোক প্ৰাপ্তি ঘটা বৰ্মনে দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূতত ফটো সাংবাদিকতা কৰিছিল। ৬০ দশকৰ পৰা ফটোগ্ৰাফী কৰা বৰ্মনে নিজৰ জীৱনত ১৯৭১ চনৰ বাংলাদেশ স্বাধীনতা সংগ্ৰাম, ১৯৭৬ চনৰ গুৱাহাটীৰ কংগ্ৰেছ মহাসভা, ১৯৮২ চনৰ নতুন দিল্লী এছিয়ান গেমছ, ১৯৭৯-৮৫ চনৰ অসম আন্দোলন, ২০০৭ চনৰ গুৱাহাটীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া, ২০১৬ চনৰ ছাফ গেমছৰ লগতে ১৯৬৪ চনৰ পৰা ২০১৯ চনলৈ একেৰাহে ৫৬ বছৰ বৰদলৈ ট্ৰফীৰ ফটো সংগ্ৰহ কৰিছিল। প্ৰয়াত বৰ্মনে সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ লগতে বিমলা প্ৰসাদ চলিহাৰ পৰা সৰ্বানন্দ সোনোৱাললৈ বহু কেই গৰাকী মুখ্যমন্ত্ৰীৰ সৈতে একেলগে কাম কৰিছিল। সেই গৰাকী বিশিষ্ট ফটো সাংবাদিকৰ ১৭ জানুৱাৰীৰ জম্ম জয়ন্তীত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ক্ৰীড়া, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, তিনিগৰাকী সাংসদ ক্ৰমে ভূৱনেশ্বৰ কলিতা, ৰিপুন বৰা, অজিত কুমাৰ ভূঞা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিধায়ক দিগন্ত কলিতা, প্ৰাগ চেনেলৰ স্বত্বাধিকাৰী ড° সঞ্জীৱ নাৰায়ণ, বিশিষ্ট সাংবাদিক প্ৰেমধৰ শৰ্মা, সুবোধ মল্ল বৰুৱা, বিশিষ্ট সংগঠক ড° বিষ্ণুৰাম নুনিছা, ৰাজীৱ প্ৰকাশ বৰুৱা উপস্থিত থাকে। বিশিষ্ট সাহিত্যিক কনকসেন ডেকাই তৰনী কান্ত বৰ্মনক মৰোনোত্তৰভাৱে “চিত্ৰ জ্যোতি” এটা উপাধি প্ৰদান কৰে। স্বনামধন্য চিত্ৰশিল্পী প্ৰদীপ নাথে “তৰনী কান্ত বৰ্মন বঁটা -২০২২” ৰ লগতে এখন ডিমাছা গামোচা, এখন শৰাই, মানপত্ৰ, জাপি আৰু নগদ ২০ হাজাৰ টকা লাভ কৰে। সোমবাৰৰ অনুষ্ঠানতে বিধায়ক দিগন্ত কলিতাই চৰকাৰৰ সহযোগত প্ৰয়াত তৰনী কান্ত বৰ্মনৰ বৰমা সমষ্টিৰ বাসগৃহত এটা পূৰ্ণাংগ আৱক্ষ মূৰ্তি স্থাপনৰ কথা ঘোষণা কৰে। সাংসদ ভূৱনেশ্বৰ কলিতায়ো নলবাৰী জিলাৰ গোৱৰাদল গাঁওত এটা ফটো সংগ্ৰাহালয় স্থাপনৰ কথা ঘোষণা কৰে।