তোমাৰ বুকুত লাগিছেনে বাৰু ফাগুন ফাগুন..- নন্দেশ্বৰ মিলি

তোমাৰ বুকুত লাগিছেনে বাৰু ফাগুন ফাগুন..

তোমাৰ বুকুত
লাগিছেনে বাৰু
ফাগুন ফাগুন
ন-সাজ পিন্ধি
আদৰিবলৈ সাজুনে
বাৰু তুমি
হেঁপাহৰ ফাগুন।
উন্মনা পছোৱাৰ আৱেগত
তোমাৰ দীঘল চুলিটাৰি মেলি
উৰুৱাই ভালপোৱানে তুমি
ভালপোৱানে?
শিমলু ৰঙা ৰং
তুমি ওঁঠত ঘঁহি
সোণালী সপোন ৰচানে তুমি
ৰচানে সপোন?
নিলাজ ফাগুনে
কৰেনে আমনি বাৰু
কৰেনে আমনি তোমাক
লাজুক লাজুক চাৱনিৰে
তোমাৰ বুকুৰ আঁচল
টানি ল’বা দেই ভালকৈ..
টানি ল’বা
নহ’লে যে নিলাজ ফাগুনে
উৰুৱাই নিব তোমাৰ
হৃদয়ত সাঁচি ৰখা
বহুদিনীয়া হেঁপাহৰ সপোন।
………………………………….
নন্দেশ্বৰ মিলি