তোমাৰ বাবেই লিখিছোঁ এই কবিতা- ৰাতুল দাস

Pc edx

“তোমাৰ বাবেই লিখিছোঁ এই কবিতা”

ৰাতুল দাস ,
নগাঁও

তোমাৰ বাবেই লিখিছোঁ এই কবিতা,
তুমি এতিয়া
মোৰ প্ৰতিটো নিশাৰ লগৰী হৈ আহা গোপনে,,,
নীৰৱে চাই ৰওঁ মই
চোতালৰ একোণত বহি
আকাশখনলৈ চাই।
নীলিম আকাশৰ বুকুত
জোনটিয়ে এসোপা জোনাক সিঁচিছে।
জোনাকৰ স’তে মই
প্ৰতিনিয়ত বিনিময় কৰো হৃদয়ৰ কথাবোৰ।
তোমাৰ ভুৱন ভুলোৱা মৌ মিঠা দুটি ওঁঠৰ হাঁহিটি দেখিলে
মোৰ কেঁচা কলিজাত এজাক
প্ৰেমৰ বতাহ বলে।
তোমাৰ সজল দুচকুৰ কাজলবুলীয়া চাৱনি দেখিলে
মোৰ হিয়াত এসাগৰ ঢৌয়ে
মৰমৰ জোৱাৰ তোলে।
কিযে তোমাৰ অপৰূপ সৌন্দৰ্য্য,,,
তোমাৰ সৌন্দৰ্য্যত
সন্মোহিত হৈ
দুভাগ ৰাতি মই উজাগৰে থাকো
তোমাক এবাৰ চুই চোৱাৰ হেঁপাহত।
নিজম নিশাৰ নিস্তব্ধতাৰ সুযোগত
সদায় জিৰণি ল’ব বিচাৰে মোৰ ভালপোৱাবোৰে
তোমাৰ উষ্ম বুকুৰ উমত।
মোৰ হিয়াৰ আকুলতাবোৰে দুৰ্বাৰ হাবিয়াস কৰে তোমাৰ স্পৰ্শ পাবলৈ
প্ৰণয়ৰ প্ৰতি নিশা উদযাপন কৰিব বিচাৰে তোমাৰ লগত।
তুমি আহিবা এজাক জোনাক হৈ
বহুত কথা পাতিম
অকলশৰীয়া কৈ,
বুজাব নোৱাৰিম ভাষাৰে
কিমান যে কথা পাতিম দুয়ো বহি মায়াবিনী নিশাৰ মৌনতাত।
ৰাতিফুলা হাস্নাহানাক সাক্ষী কৰি লম পণ
কেতিয়াও আঁতৰি নাযাওঁ বুলি।
জোনাক যে মোৰ
শ্বাশ্বত আজন্ম প্ৰেমিক
সেয়ে,,,,,,
তোমাৰ বাবে লিখিছোঁ এই কবিতা
তুমি আহিবা বুলি।।