তোমাৰ নামেৰে মোৰ পৰিচয়- জানমনি বৰুৱা ‌

p.c.- pinterest

তোমাৰ নামেৰে মোৰ পৰিচয়

নীৰৱ বেদনাৰ চকুলোৰে লিখা
এই কবিতা তোমাৰ বাবেই
পঢ়িবানে বাৰু তুমি কবিতাটি
মোৰ নীৰৱ প্ৰেমৰ কথা

আজি মই কৰিছোঁ প্ৰকাশ
তোমাক যে কোবাই নহ’ল
মোৰ আকলুৱা হৃদয়ৰ প্ৰেমৰ পূজাৰী
তোমাৰ মৰমক প্ৰৱঞ্চনা কৰি
আজি ক্লান্ত অনুতপ্ত বিপন্ন মই
তোমাৰ পবিত্ৰ মৰম নেওচি
অন্ধকাৰ জীৱন এটি ল’লো আকোঁৱালি।
নুবুজি তোমাৰ মৰমৰ বেথা।

‌‌জানমনি বৰুৱা ‌
তেলীয়া সোণাৰি গাওঁ।
‌ ‌‌মিছামৰা