“তোমালৈ বুলি “- হিমাদ্রী বৰকটকী

Pc- Transitions Abroad

“তোমালৈ বুলি “

বেলি অস্ত যোৱাৰ পৰত তোমালৈ বুলি মই ৰৈ আছিলো শিমলু জোপাৰ তলত । কিজানি তুমি অহাৰ আশাত। সেই দিনতো মই কেনেকৈ পাহৰিম , তুমি মোক আশা দি অথাই সাগৰত এৰি থৈ গৈছিলা। বিগত ২২ টা বছৰে মই ‌তোমালৈ অপেক্ষা কৰিছিলোঁ । এটা এটা দিন কেনেকৈ কটাইছিলো ভাবিলে মোৰ বুকুখন আজিও বিষাই যাই। তুমি দিয়া প্ৰতিটো বস্তু মই সযতনে ৰাখিছোঁ । মাজে মাজে উলিয়াই চাও আৰু অনুভৱ কৰোঁ তোমাৰ উপস্থিতি। তোমাৰ আশাত বন্দী হৈ মই আজিলৈকে বিয়াত নবহিলো , কিজানি তুমি মোক বিচাৰি আহাই । কিন্তু নাই তোমাৰ খবৰ খাতি এটাও নাই। বহুতে মোক পাগলী বুলিও কৈছিল , কাৰণ মই দিন নাই ৰাতি নাই মন গলেই শিমলু জোপাৰ তলত বহি থাকোগৈ। তোমাৰ আৰু মোৰ মাজত থকা প্ৰেমৰ চানেকি সেই শিমলুজোপা । সেই শিমলুজোপা একেই আছে মাথো তুমিহে সলনি হ’লা । বহুত দিনৰ মুৰত মই কাৰোবাৰ মুখত শুনিলো তুমি বিয়া পাতিলা বুলি । সেইদিনা মোৰ বুকুখন উচুপি উঠিছিল।অহৰহ চকুৰ পানী নিগৰিত হৈছিল। শিতানৰ গাৰো চকুৰ পানীৰে তিতি গৈছিল। আজি তুমি ২২ বছৰৰ মুৰত ঘুৰি আহিছা মোৰ কাষলে তোমাৰ পত্নীৰ বিয়োগ হোৱা খবৰটো দিবলৈ। মই সঁচাই দুঃখ পাইছোঁ খবৰটো শুনি। তোমাৰ বোলে এজনী মৰম লগা ছোৱালীও আছে। কিন্তু মই আজি নিৰুপাই। তুমি দিয়া বিয়াৰ প্ৰস্তাৱ এতিয়া মই গ্ৰহণ কৰিব নোৱাৰিম । কাৰণ বিগত ২২ টা বছৰে মই তোমালৈ ৰৈ আছিলো এটাই আশাত কিযানি তুমি মোক এদিন গ্ৰহণ কৰাই । কিন্তু মই ভাবিলো মই তোমাৰ য্যোগ্য নহয়। জনানে তুমি , মোৰ অন্তৰখনে সেইদিনা খুব কন্দিছিল । মই মৰিম বুলি ভাবিও মাৰিব নোৱাৰিলোঁ , কেবল মাৰ মুখলৈ চাই। দেউতাৰ মৃত্যুৰ পিছত ময়েই মাৰ শেষ ভৰষা । গতিকে মই আজি নিৰূপাই তোমাৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ। সময়ে মোক জীয়াই থাকিবলৈ এতিয়া শিকাই দিছে । সেই দিনবোৰ সময়ৰ লগত বাগৰিল । এতিয়া মই তোমাৰ দি থৈ যোৱা স্মৃতি খিনিকে লৈ জীয়াই আছোঁ । মই এতিয়া নিৰুপাই ।
ইতি ,
তোমাৰ……..

হিমাদ্রী বৰকটকী ,
শিৱনগৰ ,নগাঁও