তেলেংগানা-ছত্তীশগড় সীমান্তত সংঘৰ্ষত ছয়জন মাওবাদী নিহত

Pc The economic times

তেলেংগানা-ছত্তীশগড় সীমান্তত সংঘৰ্ষত ছয়জন মাওবাদী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  তেলেংগানা আৰু ছত্তিশগড়ৰ সীমান্ত অঞ্চলৰ কিষ্টাৰাম আৰক্ষী থানাৰ সীমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত চাৰিগৰাকী মহিলাসহ কমেও ছয়জন মাওবাদী নিহত হয়। তেলেংগানাৰ ভদ্ৰদ্ৰী কোঠাগুডেম জিলাৰ এছপি সুনীল দত্তই কয় যে এইটো তেলেংগানা আৰক্ষী, ছত্তীশগড় আৰক্ষী আৰু চিআৰপিএফৰ এক যুটীয়া অভিযান আছিল।