তেজস্বিনী” গঠন ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ

তেজস্বিনী” গঠন ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ

গুৱাহাটি,  ৰঙিলী বাৰ্ত্তাসেৱা- নাৰী সবলীকৰণৰ উদ্দেশ্যে ২৭ মাৰ্চ, ২০২২ তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চা;গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত প্ৰতিটো মণ্ডলৰ যুৱতী কাৰ্যকৰ্তাসকলৰ লগত এক বিশেষ সভা আয়োজন কৰা হয়। ভাৰতীয় জনতা যুৱ মৰ্চা, গুৱাহাটী মহানগৰ জিলাৰ ভগ্নীসকলৰ সৈতে মত বিনিময় কৰি উক্ত সভাতে মৰ্চাৰ “Lady brigade”ৰ ত্যাগ আৰু কষ্টক সন্মান জনাই “তেজস্বিনী” নামেৰে নামকৰণ কৰে যুৱ মৰ্চাৰ সভাপতি শ্ৰীযুত নীহাৰেন্দ্ৰ শৰ্মাই। “তেজস্বীনি”- এয়া এক নাম নহয়;এয়া এক আৱেগ!!! ভাৰতীয় জনতা যুৱ মৰ্চা;গুৱাহাটী মহানগৰ জিলাৰ প্ৰতিগৰাকী মহিলা কাৰ্যকৰ্তাক জনা যাব এই বিশেষ নামেৰে।

গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি শ্ৰীযুত নীহাৰেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ তথা যুৱ মৰ্চা, অসম প্ৰদেশৰ মাননীয় প্ৰভাৰী পি এম ছাই প্ৰসাদ, ভাৰতীয় জনতা পাৰ্টীৰ মাননীয়া মুখপাত্ৰ ড৹ জুৰি শৰ্মা বৰদলৈ, যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি ৰক্তিম গগৈ, আমন্ত্ৰিত সদস্য ৰিতুসণ্জয় ভূঞাৰ লগতে গুৱাহাটী মহানগৰ জিলা সমিতিৰ কাৰ্যালয় বাহক তথা বিভিন্ন মণ্ডলৰ মহিলা কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।