তুৰস্কৰ ভূমিকম্প পীড়িত লোকসকলক সহায়ৰ বাবে সাজু হৈছে ভাৰত

Pc Mint

ৰঙিলী বাৰ্ত্তাসেৱা-  তুৰস্কৰ ভূমিকম্প পীড়িত লোকসকলক সহায়ৰ বাবে সাজু হৈছে ভাৰত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বেংগালুৰুত এক অনুষ্ঠানত এই কথা স্পষ্ট কৰিছে । কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহ-২০২৩ শীর্ষক এক অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্ৰীগৰাকীয়ে তুৰস্কৰ ভয়ংকৰ ভূমিকম্পৰ কথা উল্লেখ কৰে । ৰাইজক সম্বোধন কৰি তেওঁ কয় যে আমি সকলোৱে তুৰস্কত প্ৰকৃতিৰ ধ্বংসলীলা প্রত্যক্ষ কৰিছো । কেইবাজনো লোকৰ মৃত্যুৰ লগতে ক্ষতিৰ খবৰ পোৱা গৈছে । তুৰস্ক ওচৰৰ দেশসমূহতো ক্ষতিৰ সন্দেহ কৰা হৈছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱা মতে ভাৰতৰ ১৪০ কোটি লোকৰ সহানুভূতি ভূমিকম্প পীড়িত সকলো লোকৰ সৈতে আছে ।