“তুমি মোৰ এজন সঁচা প্ৰেমিক” – ৰাতুল দাস

PC - JSTOR Daily

“তুমি মোৰ এজন সঁচা প্ৰেমিক”

-ৰাতুল দাস, নগাঁও

তুমি মোৰ
পুৱাৰ প্ৰাৰ্থনাৰ
এটি ভাল লগা অনুভৱ।
হৃদয়ৰ ভায়লিনত
বাজি উঠা সুৰৰ মূৰ্ছনা,
য’ত আৰম্ভ হয়
মোৰ প্ৰতিটো দিন
তোমাৰ সুৰৰ লহৰত।
এতিয়া তুমি মোৰ
বুকুত গজি উঠা
এক প্ৰেমৰ অনুৰণন।
মোৰ উশাহত
কঁপি উঠা হৃদপিণ্ডৰ
এটি মৃদু স্পন্দন,
য’ত কেৱল শুনা পোৱা যায়
তোমাৰ সুৰৰ ঝংকাৰ।
মই বিলীন হৈ পৰোঁ
তোমাৰ আৱেশ সনা সুৰৰ ছন্দত।
ভালপোৱাৰ অনুভূতিবোৰ
থুপখাই পৰে
মোৰ বুকুত,
এধানি মৰমৰ সুবাসে
অনুৰাগ জগাই তোলে
মোৰ কলিজাৰ অটল গহ্বৰত।।
তোমাক ভাল পোৱাৰ স্বাৰ্থত,
ন ন সুৰৰ লহৰ সৃষ্টি হয়
হৃদয়ৰ একোণত,
গোপনে গোপনে
প্ৰেমৰ বাসনা বোৰে ঠণ ধৰি উঠে
মনৰ গহণত,
কেৱল তোমাক কাষত পোৱাৰ হেঁপাহত।।
তুমি মোৰ
পুৱাৰ প্ৰাৰ্থনাৰ
এটি ভাল লগা অনুভৱ,
হৃদয়ৰ ভায়লিনত
বাজি উঠা সুৰৰ মূৰ্ছনা।
তুমি মোৰ
এজন সঁচা প্ৰেমিক
য’ত বিচাৰি পাওঁ মাথোঁ
নিজাকৈ এটি স্থায়ী ঠিকনা।