তুমি, মই আমি হোৱাৰ পৰত- আস্মা ইয়াছমিন

Pc Unslpash
তুমি, মই আমি হোৱাৰ পৰত… 
আস্মা ইয়াছমিন (ৰাণী)
সাগৰ নীলা দুচকুত তোমাৰ
কাজলৰ সৌন্দৰ্য্য মই বিচৰা নাই
বিচাৰি ফুৰিছো এজাক সপোনৰ বৰষুণ
নিকা কৰিব খুজিছো তোমাৰ
ডাৱৰে ঢকা হৃদয়ৰ চৌপাশ
তুমি আৰু মই
দুটি দেহৰ এটি মন
এটি আছুতীয়া কোঠা
তাত তোমাৰ মৰমসনা অভিমান
বিদ্যা শপত…
খং কৰিম বুলি ভাবিও থমকি ৰম
তোমাৰ মিঠা হাঁহিত পাহৰি পেলাম
বাস্তৱতাৰ বিৰহ…
হাঁহিয়েই হ’ব আমাৰ সংগী
বিশ্বাসে বজাব বাঁহী
সুৰ হৈ নিগৰিব মৰমবোৰ
হৃদয়ৰ পৰা হৃদয়লৈ…
ব্যস্ততাৰ অজুহাত
 কেতিয়াও নেদেখুৱাও দিয়া
মন গলেই কৈ দিবা
ঘপকৈ অৱসৰ লম নিজৰ পৰা
তাতো এটা কথা
তুমি কোৱা বাবেই
অৱসৰ নলওঁ আকৌ
তোমাক ভালপাওঁ বাবেই
সকলো কাটি কৰি থম
বাধা বিঘিনি, ঘাট প্ৰতিঘাত
জীৱনটো ইয়াৰে সমাহাৰ
বিশ্বাসৰ জৰীডালেৰে
গঢ়া সুদৃঢ় পথটিৰে
আগবাঢ়ি আমি
বাধাই দিব আমি আগুৱাই
যোৱাৰ বাট এৰি…
মৰমবোৰ ক্ৰমশঃ আমাৰ
চৌপাশ বেৰি ধৰিব
তোমাৰ অভিমানবোৰ
দুগুণ বাঢ়িব
অজানিতে তুমি অভিমানত
 উফন্দি উঠিবা
এজাক কলীয়া ডাৱৰে
তোমাৰ মুখাৱয়বত
ৰং ৰহইচ কৰিব
ক্ৰমশঃ ডাৱৰবোৰ গোট
মাৰি বৰফ হব
তেতিয়া…….
মোৰ উষ্ণ বুকুৰ উমত খহি পৰিব
তোমাৰ সেই অভিমানৰ আইচবাৰ্গ
তাৰ পাছতে তোমাৰ দুচকুত
এজাক ৰ’দৰ কিৰণ
এটি মিঠা হাঁহি
যিয়েই হ’ব আমাৰ
প্ৰতিটো মুহূৰ্তৰ সংগী…..