“তুমি গ’লা তৰাৰ দেশলৈ” – সঞ্জীত দাস ( পাটাছাৰকুছি )

pc Depositphotos

তুমি গ’লা তৰাৰ দেশলৈ

সঞ্জীত দাস ( পাটাছাৰকুছি )

মৃত্যুৰ সৈতে যুঁজি
পৃথিৱীৰ এৰি
তুমি হ’লা আজি
তৰাৰ দেশৰ নাগৰিক।

তৰাৰ দেশত আজি তুমি
তৰাৰ লগৰী
জোনৰ সাৰথি।
ৰচিলা তুমি পৃথিৱীৰ বুকুত
প্ৰেমৰ গাথাঁ
সৃষ্টি কৰিলা
ইতিহাসৰ দস্তাবেজত
এটি জীৱনৰ কবিতা।

তৰাৰ দেশত তুমি আজি,
নাই তুমি আমাৰ মাজত
মৃত্যুৱে তোমাক লৈ গ’ল
তৰাৰ দেশলৈ
তৰাৰ দেশৰ এগৰাকী সু নাগৰিক হ’বলৈ….।
তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক।