তুমি আৰু মই -মোহাইমিনুৰ ৰহমান

Pc Unsplash

তুমি আৰু মই

তোমাৰ দুচকুত অভিমানৰ বৃষ্টি
মোৰ হৃদয়ত প্ৰচণ্ড সাগৰৰ ঢৌ
সূৰ্যৰ ৰেঙনিৰে ৰঙীন তোমাৰ মুখ
মোৰ হৃদয়ত ফুলিছে এপাহি সূৰুযমুখী ফুল

দূৰ দূৰণিৰ পৰা ভাহি অহা
হিন্দী চিনেমাৰ ৰোমান্টীক গীতৰ
প্ৰতিটো কলিয়েও
দুচকুত উজ্বলাই তোলে
তোমাৰে প্ৰতিচ্ছবি

মোৰ বাবেই তুমি
তোমাৰ বাবেইটো মই
হাতত হাত থৈ
তুমি ওলমাই দিয়া
বিশ্বাসৰ চাবিৰে উন্মুক্ত হৈ
জীৱন পৃষ্ঠাত মৰম তুলিকাৰে
অংকন কৰিছো ন ন সপোনৰ ছবি
মৰুভূমি হবলৈ  ধৰা হৃদয়খনতো
মেলিছে প্ৰেমৰ পোখালি

তুমিবিহীন মই
উশাহ থাকিও ক’মাত গতি কৰা
মাথোঁ এটি নিথৰ দেহ
ৰাতিৰ এন্ধাৰৰ তুমি জোন
মই স্নিগ্ধ জোনাক
তুমিয়ে মোৰ আত্মা
জীৱন জীয়াৰ লগৰি
হৃদয়ৰ সচাঁ অনুভূতি

মোহাইমিনুৰ ৰহমান
 বেলশৰ