তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নিখিল ৰাভা ছাত্ৰ সন্থাৰ ১৮ সংখ্যক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ১১ সংখ্যক যৌথ দ্বি- বাৰ্ষিক অধিৱেশন

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নিখিল ৰাভা ছাত্ৰ সন্থাৰ ১৮ সংখ্যক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ১১ সংখ্যক যৌথ দ্বি- বাৰ্ষিক অধিৱেশন

অমৰজিৎ ৰাভা,ওদালগুৰি,ৰঙিলী বাৰ্ত্তাসেৱা-  ওদালগুৰি জিলা ভেৰগাঁ‌ৱত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ১৮ সংখ্যক আৰু সদৌ ৰাভা মহিলা পৰিষদৰ ১১ সংখ্যক দ্বি- বাৰ্ষিক যৌথ অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে। ওদালগুৰি জিলা আৰছু আৰু ৰাভা মহিলা পৰিষদৰ সহযোগত আয়োজন কৰা উক্ত অধিৱেশন সফল কৰাৰ বাবে ভেৰগাঁও, খৈৰাবাৰী, টংলা আঞ্চলিক আৰছুৰ অধীনৰ গাঁৱৰ ৰাইজে দিনে নিশাই শ্ৰম দানেৰে নিৰ্মাণ কৰি উলিয়াইছে সুদৃশ্য মূল তোৰণ, পতাকা উত্তোলনস্থলী , ছহিদ বেদী , স্বাস্থ্যসেৱা কক্ষ , অতিথিশালা , স্বেচ্ছাসেৱকৰ শিবিৰ, কাৰ্যালয়,বায়খৌ পূজাৰ গৃহৰ লগতে বৃহৎ ভোজনালয়। প্ৰায় পঞ্চাশ বিঘা ভূমি সামৰি আয়োজন কৰা এই অধিৱেশনৰ মঞ্চ আৰু সভাগৃহো ইতিমধ্যে নিৰ্মাণ কৰাৰ লগতে অধিৱেশনথলীৰ সোমাজত ডেৰ লক্ষাধিক টকা ব্যয়ৰে স্থাপন কৰা হৈছে বীৰ দদান ৰজাৰ এটা মূৰ্তি। অধিৱেশনত অসমৰ উপৰি পশ্চিম বংগ, মেঘালয়, অৰুণাচল আদি বিভিন্ন ৰাজ্যৰ প্ৰায় দুই সহশ্ৰাধিক প্ৰতিনিধি সমবেত হ’ব বুলি অভ্যৰ্থনা সমিতিয়ে জনাইছে। কাৰ্যসূচী অনুসৰি ১৮ ফেব্ৰুৱাৰীৰ পুৱা অধিৱেশনথলীৰ মুখ্যদ্বাৰ উদঘাটন কৰিব সমাজকৰ্মী অজয় ডেকাই। ইয়াৰ পিচত অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰিব সভাপতি জৌস্ৰাং বড়োৱে আৰু বানিজ্য মেলাৰ দ্বাৰ উদঘাটন কৰিব সমাজকৰ্মী শৰৎ ৰাভাই ।আবেলি প্ৰতিনিধিৰ পঞ্জীয়ন আৰম্ভ হ’ব । আদিৰাম ৰাভা আৰু হেমত বড়ো সোঁৱৰণী ভোজনালয়ৰ দ্বাৰ সমাজকৰ্মী মনমোহন বড়োৱে মুকলি কৰাৰ পিচত সন্ধিয়া অতিথিশালা উদ্বোধন কৰিব ভেৰগাঁও চাহ বাগিচাৰ পৰিচালক নৱ প্ৰকাশ বৰাই । ইয়াৰ পিচত ক্ৰমে মঞ্চ আৰু সভাগৃহ বাপন ৰাভাই, আৰছুৰ প্ৰতিনিধিৰ সভাকক্ষ ৰাভা সাহিত্য সভাৰ উপদেষ্টা বিষ্ণু প্ৰিয়ম ৰাভাই ,মহিলা পৰিষদৰ প্ৰতিনিধিৰ সভাকক্ষ প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰীয়ে উদ্বোধন কৰিব। নিশা আৰছু আৰু মহিলা পৰিষদৰ প্ৰতিনিধিৰ প্ৰথম বৈঠক ক্ৰমে আৰছুৰ প্ৰাক্তন সভাপতি মনেশ্বৰ ৰাভা আৰু মহিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী নিৰ্মলা ৰাভাই উদ্বোধন কৰিব। ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৭.৩০ বজাত মাৰ্চ পাষ্ট দলৰ অভিবাদন গ্ৰহণ কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ পতাকা আৰছুৰ সভাপতি নৃপেন খাণ্ডাই আৰু সদৌ ৰাভা মহিলা পৰিষদৰ পতাকা সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী দিপালী ৰাভাই উত্তোলন কৰিব। ইয়াৰ পিচত ছহিদ তৰ্পণ কৰিব ক্ৰমে আৰছুৰ ভাৰপ্ৰাপ্ত সম্পাদক দীপাংকৰ ৰাভা আৰু ৰাভা মহিলা পৰিষদৰ সম্পাদিকা বিচিত্ৰা ৰাভাই। সমাজকৰ্মী কিৰিটী কুণ্ডল ডেকা, ধীৰেন দাস, চিত্ত ডেকা আৰু ধৰ্মেশ্বৰ ৰাভাই গছ পুলি ৰোপণ কৰাৰ পিচত ৰাভা ছহিদ স্মাৰক আন্তঃ জিলা ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব অসম ভলীবল সন্থাৰ উপ-সভাপতি লক্ষীৰাম বড়োৱে। ইয়াৰ পিচত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত আৰছুৰ মুখপত্ৰ “চিঙি হুৰা” আৰছুৰ প্ৰাক্তন সভাপতি বাবুল ৰাভাই, মহিলা পৰিষদৰ মুখপত্ৰ “বিচিং ” সংগঠনটোৰ প্ৰাক্তন সভানেত্ৰী লক্ষ্মী ৰাভাই আৰু অভ্যৰ্থনা সমিতিৰ স্মৃতিগ্ৰন্থ ” ভেৰনি জৈগৈমখুৰাং ” শোণিতপুৰৰ নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰহিত ৰাভাই উন্মোচন কৰিব। আবেলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা শব্দ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব “জনজাতিৰ ভূমিৰ অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম” শীৰ্ষক আলোচনা চক্ৰ। ইয়াত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, বডো উইমেন জাষ্টিছ ফ’ৰামৰ মুখ্য উপদেষ্টা ড৹ অঞ্জলি দৈমাৰী, অসম সচিবালয়ৰ ভূমি আৰু ৰাজহ বিভাগৰ অধীক্ষক স্বৰ্ণ মোহন ৰাভা আৰু চাপাগুৰি ডনবস্ক কলেজৰ উপাধ্যক্ষ ফাদাৰ প’ল ৰাভাই। সন্ধিয়া সম্বৰ্দ্ধনা অনুষ্ঠানৰ অন্তত আন্তঃ জিলা ৰাভা লোক নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব জনপ্ৰিয় কৌতুক শিল্পী বিপুল ৰাভাই। ইয়াৰ পিচতে প্ৰতিনিধিৰ অন্তিম বৈঠক অনুষ্ঠিত হ’ব। সেইদৰে ২০ ফেব্ৰুৱাৰীৰ পুৱা বিভিন্ন সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ভেৰগাঁৱৰ মহকুমাধিপতি দীপক ভূঞাই শুভাৰম্ভ কৰিব। আবেলি আৰছুৰ সভাপতি নৃপেন খাণ্ডা আৰু মহিলা পৰিষদৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী দিপালী ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব আৰছুৰ উপদেষ্টা ৰৌতিন ল’ক’বুকে । ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কাউঞ্চিলাৰ টংকেশ্বৰ ৰাভা, অসমৰ জনজাতি সংগঠন সমূহৰ সমন্বয় সমিতি( চিচিটোআ)ৰ আহ্বায়ক আদিত্য খাখলাৰী আৰু সদৌ ৰাভা জাতীয় পৰিষদৰ সভাপতি নৰেন ৰাভাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিবলগীয়া সভাখনত শিক্ষা তথা ভৈয়াম জনজাতি আৰু পিচপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথিৰ আসন অলংকৃত কৰিব। তদুপৰি সভাত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ , খাছী ছাত্ৰ সন্থাৰ সভাপতি লম্বোকষ্ট’ৰৱেল মাৰ্গনাৰে বিশিষ্ট অতিথি হিচাপে তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী , বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু সাংসদ দিলীপ শইকীয়াই বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতা, জনপ্ৰতিনিধি, প্ৰশাসনিক বিষয়া, ৰাভা জাতীয় সংগঠনৰ নেতাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া সভাখনৰ অন্তত প্ৰতিযোগিতা সমূহৰ পুৰস্কাৰ বিতৰণ কৰা হ’ব। সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰিব আৰছুৰ উপদেষ্টা চিৰাজ ৰাংডাঙে। নিশালৈ কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীৰ গীত- মাত পৰিবেশনেৰে অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বিশিষ্ট নাট্যশিল্পী, বোলছবি অভিনেতা পৱিত্ৰ ৰাভাই।