তিনিটা ‘ক’ সম্পূর্ণ হলে বিজেপি এটা পূর্ণাংগ দল হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা

Pc Facebook

তিনিটা ‘ক’ সম্পূর্ণ হলে বিজেপি এটা পূর্ণাংগ দল হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহানগৰীৰ মাছখােৱস্থিত আই টি এ প্রেক্ষাগৃহত ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ ৰাজ্যিক বিষয়ববীয়া, মন্ত্রী, সাংসদ, বিধায়ক, জিলা সভাপতি, সাধাৰণ সম্পাদক, প্রভাৰী, সহ-প্রভাৰী, জিলা কোষাধক্ষ্য, নিগম নিকায়ৰ অধ্যক্ষ, উপাধক্ষ্য, পৌৰসভা তত্বাৱধায়ক, স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ, মণ্ডল সভাপতিৰ অংশগ্রহণৰে এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হােৱা সভাখনত দলৰ সাংগঠনিক দিশৰ লগতে আগন্তুক পৌৰসভা নির্বাচন, পঞ্চায়ত নির্বাচন আদি বিষয়ে বিস্তৃতভাৱে আলােচ্য হয়। ভাষণ প্রসংগত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে ভাৰতীয় জনতা পার্টি এক সু- সংগঠিত ৰাজনৈতিক দল। ভাৰতীয় জনতা পার্টিয়ে দলৰ তৃণমূল পর্যায়ৰ পৰা সঞ্জীৱনী শক্তি আহৰণ কৰি আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে। দলৰ তৃণমূল পর্যায়ৰ এই সাংগঠনিক সক্রিয়তাক অব্যাহত ৰখা তথা আৰু অধিক কার্যক্ষম কৰাৰ উদ্দেশ্য ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতিটো মণ্ডলত বিষয়ববীয়া সভা অনুষ্ঠিত কৰা হ’ব। কলিতাই দলৰ কার্যকর্তা সকলক উদ্দেশি কয় যে আমাৰ দুখন হাত আছে। এখন উন্নয়নৰ আৰু আনখন সংগঠনৰ। উন্নয়নৰ হাতেৰে আমি চৰকাৰে জনসাধাৰণ কাৰণে গ্রহণ কৰা উন্নয়নমূলক কাম সমূহ ফলপ্রসূ কৰি তুলিব লাগিব , সমান্তৰালকৈ আনখন হাতেৰে দলৰ সংগঠন অধিক শক্তিশালী কৰি তুলিব লাগিব। যাৰ জৰিয়তে বিজেপি দলে আহিবলগীয়া নির্বাচনসমূহত সকলাে বিৰােধী দলক ৰাজনৈতিক পথাৰৰ উচ্ছেদ কৰিবলৈ সামর্থ হব। তেওঁ লগতে অহা ২৫ ডিচেম্বৰত প্রয়াত অটল বিহাৰী বাজপেয়ী জন্মদিন উপলক্ষে আয়ােজিত হ’বলগীয়া “সু-শাসন”দিৱসত প্ৰতিটো মণ্ডলত একোটাকৈ উন্নয়নমূলক কাম কৰিবলৈ আহ্বান জনায়। সভাত ভাষণ প্রদান কৰি অসম চৰকাৰৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতীয় জনতা পার্টিৰ মূল মন্ত্র হ’ল সংগঠন। সংগঠন আগবাঢ়িবলৈ কার্যকর্তা, কার্যালয় আৰু কোষৰ প্রয়ােজন। তেওঁ লগতে কয় যে তিনিটা ‘ক’ সম্পূর্ণ হ’লেহে বিজেপি এটা পূর্ণাংগ দল হ’ব। তিনিটা ‘ক’ কাৰ্যকর্তা, কার্যালয়ৰ ক্ষেত্ৰত আমি সফল হৈছাে। কিন্তু আমাৰ হাতত কোষৰ অভাৱ। এই ক্ষেত্ৰত দলৰ কার্যকর্তা সকলে ভুগি অহা সমস্যাসমূহ সমাধানৰ হেতু তেওঁ সহযােগী নিধি গঠন কৰাৰ পােষকতা কৰে। ডঃ শমাই কয় সহযােগী নিধি গঠনে আগন্তুক দিনত বিজেপি অসম প্রদেশক আর্থিকভাৱে অধিক টনকিয়াল কৰি তুলিব। তেওঁ লগতে কয় যে সহযােগী নিধিৰ বাবে পুঁজি সংগ্ৰহৰ হেতু দলৰ প্রতিনিধিসকল ৫০ টকাৰ পৰা ২০০০ টকীয়া কুপনহসহ প্রতিখন জিলাৰ কাৰ্যকৰ্তাৰ ঘৰলৈ যাব। লগতে মুখ্যমন্ত্রী গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে দলৰ কার্যকর্তা সকল এই পুঁজি সংগ্রহৰ বাবে কোনাে ব্যৱসায়ী সংস্থা, চৰকাৰী বিষয়াৰ ওচৰলৈ যাব নােৱাৰিব, পুঁজি সংগ্ৰৰ ক্ষেত্ৰখন কেৱল দলৰ সমর্থক তথা কার্যকৰ্তাৰ মাজতে সীমাৱদ্ধ থাকিব। সভাত উপস্থিত বিধায়ক সকলক উদ্দেশ্যি ড° শৰ্মাই কয় যে দলৰ সাংগঠনিক শক্তিক অধিক সক্রিয় কৰি তােলাৰ উদ্দেশ্য প্রতিজন বিধায়কে নিজ নিজ সমষ্টিৰ প্ৰতিটো মণ্ডলত একোটাকৈ স্থায়ী মণ্ডল কার্যালয় নির্মাণ কৰিব লাগিব। উল্লেখ্য যে সহযােগী নিধিৰ বাবে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গােহাঁইৰ নেতৃত্বত এক সমিতি গঠন কৰা হৈছে। অহা ১ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ দলৰ প্রতিনিধি সকলে এই নিধিৰ বাবে ৰাজ্যজুৰি প্রয়ােজনীয় পুঁজি সংগ্রহ কৰিব। দলৰ সাধাৰণ সম্পাদক পুলক গােহাঁইয়ে আঁত ধৰা আজিৰ সভাত কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, সাধাৰণ সম্পাদকদ্বয় পল্লৱ লােচন দাস, দিপ্ন ৰঞ্জন শৰ্মাৰ লগতে দলৰ কার্যকর্তা উপস্থিত আছিল।