তালিবানী সন্ত্ৰাসবাদ আৰু ইছলাম ধৰ্ম–ফখৰুদ্দিন আহমেদ

pc-BBC

তালিবানী সন্ত্ৰাসবাদ আৰু ইছলাম ধৰ্ম
~~~~~~~~

ফখৰুদ্দিন আহমেদ

ইছলাম ধৰ্মত সন্ত্ৰাসবাদৰ স্থান নাই। এয়া পোনপটীয়া কথা। কিন্তু সমগ্ৰ বিশ্ব তথা প্ৰায় সংখ্যক ইছলামিক দেশত সুলভ হৈ পৰিছে ইছলাম ধৰ্মৰ নামত সন্ত্ৰাসবাদ। এই সন্ত্ৰাসবাদী কাৰ্যকলাপত জৰিত আল কায়দা ,আইচিছ আৰু তালিবানেই সম্প্ৰতি শীৰ্ষত আছে। যদিহে ইছলাম ধৰ্মত সন্ত্ৰাসবাদৰ স্থানেই নাই তেনেহ’লে উল্লেখিত সন্ত্ৰাসবাদী সংগঠনবোৰৰ বৰ্বৰ আৰু অমানবীয় কাৰ্যকলাপক কি বুলি আখ্যা দিয়া যাব? এনে ধৰনৰ প্ৰশ্নাৱলী সহৃদয়বান লোকৰ মনত উদয় হোৱা অতিকে স্বাভাবিক কথা। যদিহে প্ৰকৃততে ইছলাম ধৰ্মত সন্ত্ৰাসবাদৰ স্থান নাই তেনেহ’লে এই সন্ত্ৰাসবাদী সংগঠনবোৰে ইছলাম ধৰ্ম সম্পৰ্কত বিশ্ব সম্প্ৰদায়ক ভুল বাৰ্তা দি আহিছে। ই ধ্ৰুব সত্য কথা।
উমৈহতীয়া ভাবে সন্ত্ৰাসবাদৰ সংজ্ঞা অতি চমুকৈ এনেদৰে দিব পাৰি ” নিজৰ ইচ্ছা আকাংক্ষাক পুৰন কৰিবলৈ নিৰপৰাধী লোকৰ ওপৰত যি ত্ৰাস চলোৱা হয় সেয়ে এক অৰ্থত সন্ত্ৰাসবাদ।”ইছলামিক পন্ডিত সকলেও কোৰান আৰু হাদিছ গভীৰ ভাবে অধ্যয়ন কৰি সন্ত্ৰাসবাদ সম্পৰ্কত কেতবোৰ মন্তব্য কৰিছে।এনে ধৰনৰ কেতবোৰ মন্তব্য দিল্লীস্থিত ইছলামিক ফেক্বাহ একাডেমীয়ে প্ৰকাশ কৰা আৰবী ভাষাত লিপিবদ্ধ ” আল্ আৰবাহ ৱাচ্ছালাম ” গ্ৰন্থত উল্লেখ কৰিছে এইদৰে – ১) সন্ত্ৰাসবাদ ৰাজনৈতিক উদ্দেশ্যৰ বাবে দলগত ভাবে কোনো চৰকাৰ , জনতা নাইবা ব্যক্তিৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন বা ত্ৰাস চলোৱাৰ নাম। (২) ইং ১৯৮৬ চনত গৃহীত ইন্ডিয়ান নেচনেল চিকিউৰিটি গাৰ্ড নিয়মাৱলীৰ প্ৰসংগক জৰিত কৰি কৈছে – সন্ত্ৰাসবাদী সেই ব্যক্তিক কোৱা হয় , যিয়ে কোনো নীতিগত চৰকাৰৰ বিৰুদ্ধে খং বা ক্ষোভ প্ৰদৰ্শন কৰিবৰ বাবে নতুবা সাধাৰন জনতা বা বিশেষ কোনো গোষ্ঠীৰ মাজত ভয় আৰু বিশৃংখলা বিয়পোৱাৰ বাবে বোমা , ডাইনামাইট , বিষাক্ত গেছ আদিৰ ব্যবহাৰ এনে ধৰনে কৰে যাৰ ফলত কোনোবা আহত হোৱা, মৃত্যু বৰন কৰা , মাল পত্ৰ ধ্বংশ হোৱা নতুবা গোষ্ঠীগত জীৱন যাপনত প্ৰয়োজনীয় সামগ্ৰীৰ ব্যবস্থা ধ্বংশ হৈ যোৱাৰ সম্ভাৱনা থাকে। (৩) ৰাজনৈতিক বা কোনো দলগত উদ্দেশ্য সিদ্ধিৰ বাবে কোনো চৰকাৰ বা নাগৰিকক বাধ্য কৰাৰ উদ্দেশ্যে কোনো ব্যক্তি বা কৰ্তৃপক্ষৰ বিৰুদ্ধে ধমকি দিয়াই হ’ল সন্ত্ৰাসবাদ।
পবিত্ৰ কোৰানে কোনো কাৰনতে সন্ত্ৰাসবাদক সমৰ্থন নকৰাৰ ঘোষনা কৰাৰ লগতে সন্ত্ৰাসবাদক সামাজিক বিশৃংখলতাৰ কাৰক হিচাপে উপস্থাপন কৰিছে আৰু এনে বিশৃংখলতাক নিৰ্মূল কৰিবলৈ সকলো ধৰনৰ উপায় অবলম্বন কৰিবলৈ নিৰ্দেশ দিছে।
সাম্প্ৰতিক সময়ত সবাতোকৈ বেছি চৰ্চিত বিষয়টিয়ে হৈছে তালিবানৰ দ্বাৰা আফগানিস্তান দখল আৰু আফগান নাগৰিকৰ নিজৰ দেশ এৰি অন্য দেশলৈ প্ৰানৰ মমতাত ঢাপলি মেলাৰ প্ৰসংগ।
বিগত ইং ১৯৯৪ চনৰ পৰা মোল্লা ওমৰৰ নেতৃত্বত আফগানিস্তানত তালিবানৰ হিংস্ৰতা আৰু ইং ১৯৯৬ চনৰ পৰা ইং ২০০১ চনলৈ আফগানিস্তানত তালিবানে কৰা শাসনৰ কালচোৱাৰ অভিজ্ঞতা আফগান নাগৰিকৰ বাৰুকৈয়ে মনত আছে। ইং ২০০১ চনৰ পৰা আফগানিস্তানত বিশ বছৰ ধৰি চলা গৃহ যুদ্ধত তালিবানী সকলৰ নৃশংসতা চৰম সীমা অতিক্ৰম কৰিছিল। নাৰী শিক্ষাৰ ওপৰত ইছলাম ধৰ্মত থকা গুৰুত্বক নস্যাৎ কৰি তালিবানে নাৰীক কেৱল ঘৰুৱা কাম , সন্তান জন্ম দিয়া আৰু ভোগৰ সামগ্ৰী হিচাপেই গন্য কৰি আহিছে। নাৰী সকল সকল সম্পৰ্কত বিশেষ গুৰুত্ব থকাৰ বাবেই সৃষ্টিকৰ্তা আল্লাহ পাকে পবিত্ৰ কোৰানত “চুৰা নিছা “ৰ অবতীৰ্ন কৰিছে।নিছা শব্দৰ অৰ্থ হৈছে নাৰী। চুৰা নিছাৰ বিষয় বস্তুৱেই কেৱল নাৰী। ইং ১৯৯৬ চনত আফগানিস্তান দখল কৰিয়েই তদানিন্তন ৰাষ্ট্ৰপতি নজিবুল্লাহ আৰু তেখেতৰ ভাতৃক মুকলি ভাবে ক্ৰেঙৰ দ্বাৰা ফাঁচী দি তিনিদিলৈ শৱ দেহ দুটা ওলমাই ৰাখিছিল। এনে বিভৎস , বৰ্বৰোচিত আৰু অমানবীয় কৰ্ম কান্ডৰে আৰম্ভ কৰিছিল শাসন তালিবানে। ইছলামী শ্বৰীয়ত আইন উলংঘা কৰাৰ নামত কিমান আফগান পুৰুষ , মহিলা মৃত্যুদন্ডৰ সমূখীন হ’ব লগা হৈছিল সেয়া অনুমানৰ বাহিৰত। ইয়াৰ উপৰিও কেৱল ইছলামী শ্বৰীয়তৰ গইনা লৈ তালিবানী সকলে নিজস্ব ধ্যান ধাৰনাৰে আফগানিস্তান শাসন কৰা সেই ছয় বছৰত নিজৰ হিংস্ৰতা , বৰ্বৰতা আৰু ক্ৰুৰতাৰহে প্ৰকাশ আৰু প্ৰচাৰ কৰিছিল। সেয়েই তেওলোকে বিশ্বত্ৰাসী আলকায়দাৰ মুৰব্বী সন্ত্ৰাসবাদী ওচামা বিন লাডেনক আশ্ৰয় দিয়াৰ বাবে আমেৰিকা অাৰু নাটো বাহিনীৰ হাতত বহুত বেয়াকৈ পৰাস্ত হ’বলগা হৈছিল।
তালিবানৰ বৰ্বৰ শাসনক উৎসাত কৰিবলৈ আমেৰিকাৰ সেনাবাহিনী , নাটোৰ সেনাবাহিনী আৰু তালিবানীৰ আক্ৰমন প্ৰতি আক্ৰমনত আফগানিস্তানৰ বহু লাখ নিৰ্দোষী জনতাই মৃত্যু বৰন কৰিবলগা হৈছিল। দেশ খন প্ৰায় ধ্বংশ স্তুপত পৰিনত হৈছিল।আফগানিস্তানৰ ভগ্ন প্ৰায় আন্তঃ গাঠনিৰ পুনৰ নিৰ্মানত আমাৰ ভাৰতবৰ্ষয়ো পৰ্যাপ্ত পৰিমানৰ আৰ্থিক সাহায্য আগবঢ়াই আহিছে।
আমেৰিকান সেনা আৰু নাটো বাহিনীয়ে তাৎক্ষনিক ভাবে সমগ্ৰ বিশ্বক আচৰিত কৰি আফগানিস্তান ত্যাগ কৰাৰ মাত্ৰ দুটা সপ্তাহৰ ভিতৰত তালিবানে সমগ্ৰ আফগানিস্তান দখললৈ নিয়াৰ লগে লগে তালিবানে পুৰ্বৰ ছবছৰীয়া শাসনৰ বৰ্বৰ আৰু অমানবীয় অভিজ্ঞতাক সোঁৱৰন কৰি আফগান নাগৰিকে যেন তেন প্ৰকাৰেন নিজৰ মাতৃভুমি আফগানিস্তান ত্যাগ কৰি বিশ্বৰ বিভিন্ন দেশলৈ পলায়ন কৰিছে। তালিবানৰ মুখপাত্ৰই ঘোষনা কৰিছে আফগানিস্তানে স্বাধীনতা পুনৰ ঘুৰাই পাইছে। দেশৰ স্বাধীনতা প্ৰাপ্তিত আফগান সকলে হৰ্ষোল্লাশ নকৰি প্ৰানৰ মমতাত কাবুল বিমান বন্দৰৰ পৰা বিমানৰ চকাত ধৰি পলাবলৈ বিচৰা কাৰ্যই তেনেহ’লে কি সূচায়ছে?
সন্ত্ৰাসবাদী সম্পৰ্কত ওপৰত আলোচনা কৰা প্ৰতিটো বৈশিষ্ট্য তালিবান সকলৰ ক্ষেত্ৰত দেখা পোৱা যায়। সেয়ে পোনপটীয়াকৈ আখ্যায়িত কৰিবলৈ গ’লে তালিবান এটি নিসন্দেহে “সন্ত্ৰাসবাদী সংগঠন”। তালিবান সকলৰ পোচাক আৰু শৰীৰত ইছলাম ধৰ্মৰ বৈশিষ্ট্য দৃষ্টিগোচৰ হয় যদিও ইছলাম ধৰ্মৰ প্ৰধান বিষয় মানবতাবাদ আৰু ভাতৃত্ববোধৰ প্ৰয়োগ এই সকলৰ কাৰ্যকলাপত কোনো কাৰনতে দেখা পোৱা নাযায়। তালিবান সন্ত্ৰাসবাদী সকলে সমগ্ৰ বিশ্ববাসীক ইছলাম ধৰ্ম সম্পৰ্কে ভুল বাৰ্তা প্ৰেৰন কৰি আহিছে। দেখাত তালিবানে আফগান সকলক সকলো ধৰনৰ নিৰাপত্তা প্ৰদান , মহিলা সকলক অধিকাৰ প্ৰদান আদি ঘোষনা কৰিছে যদিও কাৰ্যক্ষেত্ৰত তাৰ সম্পূৰ্ন ওলোটা কাম হে তালিবান সকলে কাৰ্যকৰী কৰি আছে। ইতিমধ্যে তালিবান সন্ত্ৰাসবাদী সকলে চাৰি গৰাকী আফগান সেনাৰ কামান্ডাৰক মুকলি ভাবে আফগান জনতাৰ সমুখত তাৰে এখন ষ্টেডিয়ামত ফাঁচী কাঠত ওলমাইছে। আফগান সেনাৰ বিষয়া , কৰ্মচাৰী সকলক বিচাৰি বিচাৰি বন্দী কৰি আছে। ৰাষ্ট্ৰীয় নিউজ চেনেললৈ কৰ্তব্য সম্পাদনৰ বাবে অহা মহিলা এংকৰক ” এতিয়া শাসন সলনি হৈছে” বুলি ঘৰলৈ ঘুৰাই পঠাইছে। কাবুল বিমান বন্দৰত আন দেশলৈ যাবলৈ বুলি সমবেত হোৱা আফগান সকলক এফালৰ পৰা আমেৰিকাৰ সেনাই আৰু আন ফালৰ পৰা তালিবান সন্ত্ৰাসবাদীয়ে নিৰ্বিবাদে গুলীয়াইছে। মানবতাবাদৰ এই পতনৰ বাবে ধৰ্মীয় উন্মাদনাত ইছলাম ধৰ্মৰ বিকৃত উপস্থাপনেৰে আফগানিস্তান দখল কৰা তালিবানেই এশ শতাংশই দায়ী।
হজৰত মহম্মদ ছঃৰ উদাৰতাবাদ আৰু ইছলাম ধৰ্মৰ ভাতৃত্ববোধৰ বাবেই অতি কম সময়ৰ ভিতৰত ইছলাম ধৰ্ম সমগ্ৰ বিশ্বত বিয়পি পৰিছিল। হজৰত মহম্মদ ছঃ য়ে আন ধৰ্মৰ লোক সকলৰ সৈতে মছজিদৰ ভিতৰত বহি আলোচনা
কৰিছিল আৰু অাশ্ৰয় ল’বলৈ ঠাই নাপালে আন ধৰ্মৰ লোককো মছজিদ ৰাতি কটাবলৈ অনুমতি দিছিল। নিৰ্দোষী জনতাক ত্ৰাসিত কৰি হিংসা , হত্যা , ধৰ্ষন আদি সন্তাসবাদী কাৰ্যকলাপত লিপ্ত হোৱা লোকৰ মুৰৰ এহাত ওপৰত আল্লাহৰ অভিশাপ আৰু শাস্তি ওলমি থাকে বুলি পবিত্ৰ হাদিছ গ্ৰন্থত উল্লেখ আছে। সেই কাৰনেই হয়তু তালিবান বিৰোধী শক্তিয়ে ইতিমধ্যে তিনিখন জিলা তালিবান সন্ত্ৰাসবাদীৰ কব্জাৰ পৰা নিজৰ হাতলৈ নিবলৈ সক্ষম হৈছে , য’ত প্ৰায় এশ তালিবান সন্ত্ৰাসবাদী নিহত হৈছে বুলি বাতৰি প্ৰচাৰ হৈছে।
তালিবান বিশ্বৰ পঞ্চম ধনী সন্ত্ৰাসবাদী সংগঠন । ইহতৰ উপাৰ্জনৰ উৎস হৈছে নিষিদ্ধ পপিয়া খেতি । ইয়াৰ পৰা তৈয়াৰ কৰা নিষিদ্ধ ড্ৰাগছ বিশ্বৰ বিভিন্ন দেশলৈ অবৈধ ভাৱে প্ৰেৰন কৰে। ইছলাম ধৰ্মত ড্ৰাগছ বা মাদক দ্ৰব্য সেৱন সম্পুৰ্ন ভাবে হাৰাম বা নিষিদ্ধ। এতিয়া তালিবানক মুছলমান বুলি ক’ব পাৰি নে?
ইং ১৯৯৪ চনৰ পৰা চলিত বৰ্ষলৈ হাজাৰ বিজাৰ মহিলা তালিবানৰ দ্বাৰা ধৰ্ষিত হৈছে তাৰ শুদ্ধ হিচাপ নিশ্চয় পোৱা নাযাব।
পবিত্ৰ কোৰানত উল্লেখ আছে ” যি এজন নিৰীহক হত্যা কৰিলে তেও সমগ্ৰ মানব জাতিকে হত্যা কৰিলে।” আকৌ উল্লেখ আছে ” যুদ্ধ চলি থকা মুহূৰ্তত শিশু , মহিলা , বৃদ্ধ লোক আৰু বিনা অস্ত্ৰধাৰী লোকক হত্যা কৰিব নোৱাৰিব।” এনে ধৰনৰ কোৰানৰ আদেশৰ প্ৰতি ধ্যান দিয়াৰ মানসিকতা তালিবান সন্ত্ৰাসবাদী সকলৰ নাই। কিছুমান অত্যুৎসাহী লোকে তালিবানৰ কাবুল দখলক হজৰত মহম্মদ ছঃৰ মক্কা বিজয়ৰ লগত তুলনা কৰাৰ প্ৰয়াস কৰা দেখা গৈছে। কিন্তু কোনো কাৰনত এই তুলনা গ্ৰহনযোগ্য নহয়। কাৰন হজৰত মহম্মদ ছঃ য়ে মক্কা বিজয়ৰ পিছত তেখেত আৰু ইছলাম ধৰ্মৰ প্ৰধান প্ৰধান শত্ৰু সকলেও নিৰাপত্তা অনুভব কৰিছিল। মক্কা এৰি পলায় যোৱাৰ প্ৰসংগৰ কথা বহু দুৰত আছিল। কিন্তু তালিবানে কাবুল দখল কৰাৰ পিছত আফগান সাধাৰন নাগৰিকৰ অৱস্থা সকলোৱে দেখি আছো।মুঠ কথা কোৰান আৰু হাদিছৰ দ্বাৰা প্ৰমানিত হয় যে ইছলাম ধৰ্মৰ নামত তালিবানে কৰি থকা কৰ্মকান্ডবোৰ ইছলাম ধৰ্মৰ দ্বাৰা কোনো কাৰনতে সমৰ্থিত তথা অনুমোদিত নহয়।
আফগান শৰনাৰ্থী সকলৰ ক্ষেত্ৰত ভাৰত চৰকাৰে আদৰনীয় পদক্ষেপ গ্ৰহন কৰিছে। ভাৰতলৈ আহিব বিচৰা আফগান নাগৰিকক শৰনাৰ্থীৰ ভিছা প্ৰদান কৰিব।ইয়াৰ দ্বাৰা ভাৰতৰ ধৰ্ম নিৰপেক্ষতা আৰু মানবতাবোধৰ চানেকী সমগ্ৰ বিশ্বত বিয়পি পৰিছে। ইতিমধ্যে ড্ৰেগনৰ দেশ চীন আৰু ভাৰতৰ চিৰ বৈৰী পাকিস্তানে তালিবান চৰকাৰক বৈধতা প্ৰদান কৰিবলৈ প্ৰায় সিদ্ধান্ত গ্ৰহন কৰিছে। ভাৰতত ইতিমধ্যে তালিবানৰ বিজয়ক লৈ কিছুমান নাগৰিক উল্লাসিত হৈছে ।চ’চিয়েল মেডিয়া তালিবানক কৰা সমৰ্থন তথা বিৰোধেৰে ভৰি পৰিছে। এই ক্ষেত্ৰত মাতৃভুমি ভাৰতবৰ্ষৰ অখন্ডতাত যাতে কোনো কাৰনতে তিল মাত্ৰও আঘাত নপৰে তাৰ বাবে চৰকাৰ সজাগ থাকিব লাগিব আৰু ভাৰতবাসীয়ে এই ক্ষেত্ৰত সহযোগ কৰিব লাগিব।
ইতিমধ্যে অসম চৰকাৰৰ আৰক্ষী প্ৰশাসনে তালিবান সন্ত্ৰাসবাদীক সমৰ্থন কৰি চ’চিয়েল মেডিয়াত দিয়া পোষ্টৰ আঁত ধৰি চৈধ্য জনক গ্ৰেপ্তাৰ কৰি সোধ পোছৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰন কৰিছে। অসম চৰকাৰে এয়া এক আদৰনীয় আৰু সময়োচিত পদক্ষেপ গ্ৰহন কৰিছে। সন্ত্ৰাসবাদীক কেৱল ধৰ্মীয় উন্মাদনাৰে সমৰ্থন যে কৰিব নালাগে এই বিষয়ত সকলোৰে বাবে ই এক অনন্য শিক্ষনীয় বিষয় হৈ থাকিব।
” চাৰে জাহাঁ চে আচ্ছা , হিন্দুস্তান হমাৰা ” মহাকবি আল্লামা ইকবালৰ এই বাক্যষাৰক বাস্তবত ৰক্ষা কৰি চলিবলৈ প্ৰতিজন ভাৰতীয় জীৱনৰ প্ৰতিটো ক্ষনত সাজু হৈ থাকিলেহে আমাৰ ভাৰতবৰ্ষ প্ৰকৃততে বিশ্ব গুৰু হোৱাত সক্ষম হ’ব পাৰিব।