তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কৰ্মচাৰীৰ বিদায় সভা

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কৰ্মচাৰীৰ বিদায় সভা

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা–  তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উচ্চ বৰ্গৰ সহায়ক অক্ষয় কুমাৰ দাসে চৰকাৰী কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা উপলক্ষে সঞ্চালকালয়ৰ সভাকক্ষত সঞ্চালক মানবেন্দ্র দেৱ ৰয় (এ পি এছ) ৰ সভাপতিত্বত এখন বিদায় সভা অনুষ্ঠিত কৰা হয়। সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থকা এই সভাত সঞ্চালকগৰাকীয়ে ৩৫ বছৰ কাৰ্যকালেৰে কাৰ্যালয়ৰ কাম-কাজ সুকলমে সম্পন্ন কৰাত অৱদান যোগোৱা উচ্চ বৰ্গৰ সহায়ক অক্ষয় কুমাৰ দাসৰ কৰ্ম-দক্ষতা, নিয়মানুবর্তিতাৰ শলাগ লয়। উল্লেখযোগ্য যে সঞ্চালকালয়ত প্ৰথম বাৰৰ বাবে বিদায়ী দিনটোতে অক্ষয় কুমাৰ দাসক প্রভিজনেল পেন্সন, জি আই এচ আৰু লিভ এনকেচমেণ্ট আনুষ্ঠানিকভাবে অক্ষয় কুমাৰ দাসৰ হাতত অৰ্পন কৰে সঞ্চালক মানবেন্দ্র দেৱ ৰয়ে। পৰবর্তী সময়তো অৱসৰ গ্ৰহণ কৰা সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়ম গ্ৰহণ কৰা হ’ব বুলি তেওঁ সভাত উল্লেখ কৰে।