তথ্য আৰু জনসংযােগ সঞ্চালকালয়ত বৃক্ষৰােপণ 

তথ্য আৰু জনসংযােগ সঞ্চালকালয়ত বৃক্ষৰােপণ 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- জলবায়ু পৰিৱৰ্তন হ্রাস কৰাৰ উদ্দেশ্যে গছ-গছনিৰে সেউজ আৱৰণ বৃদ্ধি কৰা  আৰু প্ৰতিটো কার্যালয় চৌহদৰ সৌন্দর্যবর্ধনৰ উদ্দেশ্যে আৰু আজাদী কা অমৃত মহােৎসৱৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আৰু অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযােগত মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰােপণ প্রকল্প  অধীনত তথ্য আৰু জনসংযােগ সঞ্চালকালয় চৌহদত গছপুলি ৰােপণ কার্যসূচী অনুষ্ঠিত হয়। জনসংযােগ সঞ্চালকালয়ৰ সঞ্চালক বিষ্ণুকমল বৰাই চৌহদত গছপুলি ৰােপণ কার্যসূচীৰ শুভাৰম্ভ কৰে। কার্যালয় চৌহদত ৰঙা চন্দন, বকুল, কৃষ্ণচূড়া আদি বিভিন্ন প্রজাতিৰ গছপুলি ৰােপণ কৰা হয়। এই কার্যসূচীত অতিৰিক্ত সঞ্চালক প্রদীপ কুমাৰ ব্ৰহ্ম, যুটীয়া সঞ্চালক দীননাথ লয়িং, মুখ্য তথ্য বিষয়া প্রমােদ কুমাৰ দত্ত, উপ সঞ্চালক দেৱপ্রসাদ দেউৰীকে ধৰি সঞ্চালকালয়ৰ বিষয়া, কর্মচাৰীসকলে অংশগ্রহণ কৰে।