ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ষষ্ঠখন সাপ্তাহিক কেবিনেট বৈঠক সম্পন্ন

ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ষষ্ঠখন সাপ্তাহিক কেবিনেট বৈঠক সম্পন্ন

বৃহস্পতিবাৰে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ষষ্ঠখন কেবিনেট বৈঠক অনুষ্ঠিত হয় । বৈঠক সিদ্ধান্ত লয় যে, ভূমি আবন্টন দিলে দিছপুৰলৈ আহিব নালাগে ফাইল, উপায়ুক্ত নিজেই এই সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰিব । বৈঠকত তৈলক্ষেত্ৰৰ ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰে । নগৰ অঞ্চলক ১০ কিঃমিঃ পৰ্যন্ত অতিৰিক্ত ১২ লাখ আৰু গ্ৰামাঞ্চলৰ ক্ষেত্ৰত অতিৰিক্ত ১০ লাখ টকালৈ বৃদ্ধি কৰা হয় । বৈঠকত হাতী-মানুহৰ সংঘাতৰ ক্ষেত্ৰত ডি.ফি.অ’ ই ক্ষতিপূৰণ দিব পাৰিব বুলিও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । (staff correspondent- utpal kalita)