ড° ভীমৰাও আম্বেদকাৰৰ ৬৫ সংখ্যক মৃত্যুবার্ষিকী পালন 

Pc Gujrat University Library

ড° ভীমৰাও আম্বেদকাৰৰ ৬৫ সংখ্যক মৃত্যুবার্ষিকী পালন 

ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্র দেশৰ লগতে অসমতাে ভাৰতীয় সংবিধান প্রণয়নৰ মূল কাণ্ডাৰী ড° ভীমৰাও আম্বেদকাৰৰ ৬৫ সংখ্যক মৃত্যুবার্ষিকী পালন কৰা হয়এই উপলক্ষে দিছপুৰস্থিত জনতা ভৱনত থকা ড°ভীমৰাও ৰামজী আম্বেদকাৰৰ প্রতিমূর্তিৰ প্ৰাংগনত অসম চৰকাৰৰ অনুসূচীত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানৰ আয়ােজন কৰা হয়। অনুষ্ঠানতমুখ্য অতিথিৰূপে উপস্থিত থাকি ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্রী ড° ৰনােজ পেগুৱে ড° ভীমৰাও আম্বেদকাৰৰ প্রতি গভীৰ শ্রদ্ধা নিবেদন কৰে। ভাষণপ্রসংগত মন্ত্রীগৰাকীয়ে কয় যে আইনগতভাৱে দেশখনৰ বিভিন্ন জাতি-জনগােষ্ঠীক সমমর্যাদা প্রদানৰ বাবে ড° আম্বেদকাৰে যি সংগ্রাম কৰিছিল, তাৰ সুফল জনসাধাৰণে স্বাধীনতাৰ ৭৫ বছৰ পাছতাে লাভ কৰি আছে। মন্ত্রীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে অসমত শীঘ্ৰেই এখন অন্যান্য পিছপৰা শ্ৰেণীৰ আয়ােগ ঘােষিত হ’ব। লগতে অনুসূচীত জাতিৰ বসতিপ্রধান অঞ্চলসমূহত ৰাজ্য চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত হাতত লােৱা বিভিন্ন পদক্ষেপ সম্পর্কেও তেওঁ অৱগত কৰে। অনুষ্ঠানটোত অসম ৰাজ্যিক অনুসূচীত জাতি উন্নয়ণ নিগম পৰিসীমিতৰ অধ্যক্ষ জয়ন্ত দাস, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ  প্রধান সচিব মুকেশ চাহায় আৰু বিভাগৰ সচিব বিনীতা পেগু উপস্থিত থাকে।