ডেল্টা প্ৰকৰণৰ এৱাই.৪.২ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি

Pc- The print

ডেল্টা প্ৰকৰণৰ এৱাই.৪.২ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰততো চীন, গ্রেট ব্ৰিটেইন আৰু ৰাছিয়াত চিনাক্ত হোৱা ক’ভিড-১৯ৰ ডেল্টা প্ৰকৰণ এৱাই.৪.২ৰ সংক্ৰমণ চিনাক্ত হৈছে। যিয়ে ক’ভিড-১৯ৰ তৃতীয় জোৱাৰৰ শংকা বৃদ্ধি কৰিছে। দ্বিতীয় জোৱাৰৰ সংক্ৰমণৰ হাৰ উঠা-নমা হৈ থকাৰ মাজতেই দেশৰ কেইবাখনো ৰাজ্যত ডেল্টা প্ৰকৰণ এৱাই.৪.২ত আক্রান্ত লোক চিনাক্ত হৈছে। ক’ভিড-১৯ৰ ডেল্টা প্ৰকৰণ এৱাই.৪.২ত আক্রান্ত লোকৰ ভিতৰত সৰ্বাধিক অন্ধ্ৰপ্ৰদেশত ৭জন। দেশজুৰি এতিয়ালৈকে আক্রান্ত ১৭জনৰ ভিতৰত কেৰালাত ৪, কর্ণাটকত ২, তেলেংগানাত ২, জম্মু-কাশ্মীৰ আৰু মহাৰাষ্ট্ৰত এজনকৈ চিনাক্ত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশবাসীক ক’ভিড-১৯ৰ ডেল্টা প্ৰকৰণ এৱাই.৪.২ক লৈ সকীয়নি দিছে। ক’ভিড-১৯ৰ ডেল্টা প্ৰকৰণ এৱাই.৪.২ক লৈ আই চি এম আৰ আৰু এন চি ডি চিৰ দলে গৱেষণা আৰু বিভিন্ন ধৰণে অধ্যয়ন চলাই আছে বুলি কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰে। ব্ৰিটিছ বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে, প্রকৃত ডেল্টা প্ৰকৰণৰ তুলনাত নতুন এৱাই.৪.২ প্ৰকৰণটো ১৫ শতাংশ বেছি সংক্রমিত।