ডি এছ পি পদত যোগ দিয়ে লাভলীনাই

p.c The Economic Times

ডি এছ পি পদত যোগ দিয়ে লাভলীনাই

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২১ চনৰ টকিঅ’ অলিম্পিক গেমছত পদক লাভৰ পিছতেই লাভলীনা বৰগোহাঁইক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছিল অসম আৰক্ষীৰ ডি এছ পি পদ।লাভলীনা বৰগোঁহায়ে খেলৰ জৰিয়তে উপ–আৰক্ষী অধীক্ষক পদ গ্ৰহণ কৰিলৈ সিদ্ধান্ত লৈছে। অসম আৰক্ষীৰ পোছাক পিন্ধে লাভলীনা বৰগোহাঁয়ে।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বুধবাৰে উপ–আৰক্ষী অধীক্ষক পদত যোগ দিয়ে লাভলীনা বৰগোঁহায়ে।লাভলীনা বৰগোহাঁয়ে বিহুৰ পিছতে পাটিয়ালাৰ অনুশীলন শিবিৰলৈ আকৌ উভতি যাব।