ডিমোৰিয়া জনস্বাস্থ্য বিভাগৰ ‘মাল্টি ভিলেজ আঁচনি’ৰ অৱস্থান পৰীক্ষা মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ

pc Facebook

ডিমোৰিয়া জনস্বাস্থ্য বিভাগৰ ‘মাল্টি ভিলেজ আঁচনি’ৰ অৱস্থান পৰীক্ষা মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ

অনলাইন বাৰ্ত্তাসেৱা – ডিমোৰিয়া জনস্বাস্থ্য বিভাগৰ ‘মাল্টি ভিলেজ আঁচনি’ৰ অৱস্থান পৰীক্ষা কৰি, মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে মাঘ বিহুৰ পূৰ্বে প্ৰথম পৰ্যায়ত 8,000 পৰিয়ালক খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই আঁচনিখনৰ জৰিয়তে পৰিয়ালসমূহক খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ কথা আছিল, কিন্তু বন বিভাগৰ সৈতে ভূমিৰ সম্পৰ্কৰ বাবে আঁচনিখনৰ ৰূপায়ণত কিছু পলম হয়। আজি এই আঁচনিখনৰ অৱস্থান পৰিদৰ্শন কৰে আৰু বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে আৰু আঁচনিখনৰ অগ্ৰগতিৰ বুজ লয়। এই আঁচনিৰ জৰিয়তে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে পৰৱৰ্তী মাঘ বিহুৰ পূৰ্বে প্ৰথম পৰ্যায়ত প্ৰায় ৮,০০০ পৰিয়ালক খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বাকী পৰিয়ালবোৰৰ বাবে পৰৱৰ্ত্তী সময়ত পৰ্যায়ক্ৰমে পদক্ষেপ লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মত পোষণ কৰে। কামৰূপ জিলা আয়ুক্ত, মুখ্য অভিযন্তা, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া আৰু পঞ্চায়তৰ সভাপতি এই পৰিদৰ্শনৰ সময়ত উপস্থিত আছিল।