ডিব্ৰুগড়ত ফ্লাই অভাৰ লাগে – সত্যজিৎ গগৈ

PC - The Sentinel

ডিব্ৰুগড়ত ফ্লাই অভাৰ লাগে

সত্যজিৎ গগৈ, নাহৰকটীয়া

ভাৰত বৰ্ষৰ অন্য ৰাজ্য সমূহৰ লগতে অসমেও বহু ক্ষেত্ৰত উন্নতিৰ পথত আগুৱাই গৈছে আৰু বহু ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰি আছে।যাতে অসম ভাৰতৰ শীৰ্ষ স্থানত উপনিত হ’ব পাৰে।এই চিঠিখন মূলত অসমৰ মুখ্যমন্ত্ৰী গৰাকীলৈ।কাৰণ প্ৰায় ১৩২৭০০০ জনসংখ্যাৰে গঠিত ডিব্ৰুগড় জিলাখনৰ জনতাৰ সুবিধাৰ বাবে জিলাখনত লাগে কেইবাখনো অভাৰ ব্ৰিজ,দলং আৰু পাৰ্কিং প্লেচ্।

প্ৰথমতেই; নাহৰকটীয়া আৰু ডিব্ৰুগড়ক সংযোগ কৰা লাহোৱাল ৰেল ক্ৰছিংত এখন অভাৰ ব্ৰীজৰ খুৱেই প্ৰয়োজন হৈছে।কিয়নো উক্ত স্থানতেই লাহোৱাল মহাবিদ্যালয়,ৰেল ষ্টেচন,প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপৰিও এখন দৈনিক বজাৰ আছে । উক্ত অনুষ্ঠান সমূহৰ বাবে সেই পথছোৱাত যথেষ্ট পৰিমানে যান-জঁটৰ সৃষ্টি হয়।গতিকে তাত এখন অভাৰ ব্ৰীজ নিৰ্মান কৰি সাধাৰণ জনতাক সহায় কৰিবলৈ চৰকাৰক অনুৰোধ জনালোঁ।

দ্বিতীয়তে; নাহৰকটীয়া সমষ্টি আৰু দুলিয়াজান সমষ্টিক সংযোগ কৰি ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ চাচনিৰ টিংৰাই ঘাটত এখন স্থায়ী দলং নিৰ্মান কৰি জনতাৰ বহু দিনীয়া আশা এটাক সাকাৰ ৰূপ দিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ।

তৃতীয়তে;ডিব্ৰুগড়ৰ আমোলাপট্ৰী আৰু টাউন সংযোগী পথত এখন ফ্লাই অভাৰ ৰ ব্যৱস্থা কৰিব লাগে। উক্ত স্থানতেই ডিব্ৰুগড় পুৰণি ৰেল ষ্টেচনটো অৱস্থিত হোৱাৰ বাবে ৰাষ্টীয় ঘাইপথত যথেষ্ট পৰিমানে যান-জঁটৰ সৃষ্টি হয়।যাৰ ফলত ৰোগী কঢ়িওৱা বাহনকে আদি কৰি ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাহন আৰু সাধাৰণ জনতাই জীয়াতু ভুগিব লগা হয়।

চতুৰ্থতে;ডিব্ৰুগড় জিলাখনতেই এটা ডাঙৰ পাৰ্কিং প্লেচ্ নথকাৰ বাবে পথৰ দুয়োকাষে অথালি-পথালিকৈ বাহন সমূহ ৰখাই থোৱাৰ ফলত পথ সমূহ ঠেক হৈ পৰে।যাৰ বাবে যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।গতিকে চৰকাৰে অনতি পলমে ডিব্ৰুগড়ৰ মাজমজিয়াত সু-পৰিকল্পিত ভাৱে এখন পাৰ্কিং প্লেচ্ নিৰ্মান কৰি ৰাইজৰ উপকাৰ সাধন কৰিব বুলি আশা কৰিলোঁ।

আমি জনাত ডিব্ৰুগড় জিলাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় নিৰ্মান হ’ব।সেয়েহে চৰকাৰে যদিহে আগতীয়াকৈ উপৰোক্ত ফ্লাই অভাৰ, দলং আৰু পাৰ্কিংৰ ব্যৱস্থা সমূহ কৰি নলয়।তেন্তে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় নিৰ্মানৰ পিচত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই দুৰ্ভোগ ভুগিব লগা হ’ব।গতিকে ৰাইজৰ সমস্যা সমূহ সমাধান কৰি এখন শৃংখলিত সমাজ গঠনৰ বাবেই যিহেতু চৰকাৰ গঠন কৰা হয়।সেয়েহে উপৰত উল্লেখিত বিষয় কেইটাক গুৰুত্ব সহকাৰে লৈ কাৰ্যপন্থা হাতত ল’ব বুলি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ।