ডিব্ৰুগড়ত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

Pc wikipedia

ডিব্ৰুগড়ত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

ৰঙিলী বাৰ্ত্তাসেৱা- হঠাৎ বৃদ্ধি কৰা হ’ল ডিব্ৰুগড়ৰ বিমান বন্দৰৰ নিৰাপত্তা ।পঞ্জাৱৰ পৰা বায়ু সেনা বিভাগৰ বিশেষ বিমানেৰে কেইবাজনো কাৰাবন্দীক ডিব্ৰুগড়লৈ স্থানান্তৰিত কৰা হ’ব বাবেই নিৰাপত্তা বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে ।এক বিশেষ সুত্ৰ অনুসৰি এই কাৰাবন্দী কেইজন খালিস্তানৰ সমৰ্থক তথা ৱাৰিছ দে’ পাঞ্জাৱৰ শীৰ্ষস্থানীয় নেতা । সন্দেহ কৰা হৈছে এই সকল কাৰাবন্দীৰ মাজতেই আছে ৱাৰিছ দে’ পাঞ্জাৱৰ মুৰব্বী অমৃতপাল সিং ।