ডিব্ৰুগড়ত সংঘটিত এক প্ৰচণ্ড অগ্নিকাণ্ড

pc Sentinel Assam

অনলাইন বাৰ্ত্তাসেৱা – সোমবাৰে সন্ধিয়া ডিব্ৰুগড়ত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় কমেও ছয়টা ঘৰ। সোমবাৰে অসমৰ ডিব্ৰুগড় চহৰৰ চান্দমাৰী ঘাটৰ প্ৰেম নগৰ অঞ্চলত সংঘটিত হয় এই অগ্নিকাণ্ড। প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, সন্ধিয়া প্ৰায় ৬.৩০ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়।

এখন গেলামাল দোকানত অগ্নিকাণ্ড সংঘটিত হৈছিল। দোকানখনৰ গৰাকীক ৰাজু সিং বুলি চিনাক্ত কৰা হৈছে। ৰাজু সিঙে বিদ্যুৎ কৰ্তনৰ পিছত দোকানখনত এডাল মমবাতি জ্বলাইছিল। মমবাতিৰ পৰা জুই লগা বুলি সন্দেহ কৰা হৈছে। স্থানীয় বাসিন্দাসকলে অগ্নি নিৰ্বাপক বাহিনিক লগে লগে অৱগত কৰিছিল। কেইবাখনো অগ্নিনিৰ্বাপক বাহন তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈছিল আৰু বহু সংগ্ৰামৰ পিছত, জুই নুমোৱা হৈছিল।

জুইত জাহ যায় লাখ লাখ টকাৰ সম্পত্তি।  জুইৰ ফলত মোহন মহাবীৰ নামৰ এজন ব্যক্তিৰ মূল বাসগৃহ আৰু তেওঁৰ চৌহদত থকা আন পাঁচটা ভাড়াঘৰ ভস্মীভূত হয়। এসপ্তাহতকৈও কম সময়ৰ ভিতৰত ডিব্ৰুগড়ত সংঘটিত হোৱা এইটো দ্বিতীয় অগ্নিকাণ্ডৰ ঘটনা।