ডাউন টাউন হাস্পতালত বিনামূলীয়া স্বাস্থ‍্য শিবিৰ

ডাউন টাউন হাস্পতালত বিনামূলীয়া স্বাস্থ‍্য শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ডাউন টাউন হাস্পতালতৰ চৌহদত আন্তঃৰাষ্ট্ৰীয় বৃক্ক দিৱস উপলক্ষে  এক বিনামূলীয়া স্বাস্থ‍্য শিবিৰ অনুষ্ঠিত হয়৷শিবিৰত যোগদান কৰা ৰোগীসকলৰ লাভাৰ্থে পঞ্জীয়ন,নেফৰোল’জিষ্ট ডা° নন্দিতা চৌধুৰী,ডা° অঞ্জন বৰকটকীৰ দ্বাৰা চিকিৎসা বিষয়ক পৰামৰ্শ আৰু মনশ্বেতা গ্ৰেচী চ’ৰ দ্বাৰা খাদ্য বিষয়ে পৰামৰ্শ বিনামূলীয়াভাৱে প্ৰদান কৰা হয়৷উক্ত সুবিধা সমূহৰ উপৰিও ৪৫ জন ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী প্ৰয়োজনীয় অন্য পৰীক্ষা সমূহ ৰেহাই মূল্যত কৰিব পাৰিব৷ডা° বৰকটকীয়ে কয়- ’আমাৰ বৃক্কই বহুতো গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে আৰু বৃক্কৰ ৰোগ থকা লোকসকলে সাধাৰণতে তেওঁলোকৰ বৃক্কৰ কাৰ্যক্ষমতা যথেষ্ট পৰিমাণে হেৰুৱা পাছতহে লক্ষণ সমূহ দেখা দিয়ে৷আমি ব্যক্তিসকলক এই ৰোগৰ বাবে তেওঁলোকৰ বিপদাশংকাৰ বিষয়ে অধিক জানিবলৈ আৰু এই শিবিৰৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ‍্য নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম কৰিবলৈ চেষ্টা কৰিলো৷