ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস

ৰঙিলী বাৰ্ত্তাসেৱা-  আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৮০.৪৪লৈ হ্ৰাস পায়৷ এইটো সৰ্বকালৰ আন এটা নতুন অভিলেখ৷ কালি এক ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল ৭৯.৯৭৷ আমেৰিকাৰ চেণ্ট্ৰেল বেংক ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ ৭৫ বেছিছ পইণ্ট বৃদ্ধি কৰাৰ কাৰণে টকাৰ মূল্য অধিক হ্ৰাস পায়৷ আমেৰিকাৰ চেণ্ট্ৰেল বেংকে সৰ্বাধিক  নিয়োগৰ লক্ষ্যত উপনীত হ’বলৈ আৰু দীৰ্ঘম্যাদী হিচাপত মুদ্ৰাস্ফীতিৰ হাৰ ২ শতাংশ কৰিবলৈ বিচাৰিছে৷ চেণ্ট্ৰেল বেংকটোৱে আশা কৰে যে সুতৰ হাৰ বৃদ্ধিয়ে লক্ষ্যত উপনীত হোৱাত সহায় কৰিব৷ সুতৰ হাৰ বৃদ্ধি কৰাৰ কাৰণে আমেৰিকাত ষ্টক মাৰ্কেটত প্ৰায় ২ শতাংশ পতন হয়৷