টেক্সাছৰ ভন হৰ্ণৰ সমীপৰ এক ব্যক্তিগত উৎক্ষেপণ ক্ষেত্ৰৰ পৰা জেফ বেজোছ আৰু  তেওঁৰ  সতীৰ্থসকলে  মহাকাশযাত্ৰা কৰি সফলভাৱে ঘূৰি আহে

pc- AP News

টেক্সাছৰ ভন হৰ্ণৰ সমীপৰ এক ব্যক্তিগত উৎক্ষেপণ ক্ষেত্ৰৰ পৰা জেফ বেজোছ আৰু  তেওঁৰ  সতীৰ্থসকলে  মহাকাশযাত্ৰা কৰি সফলভাৱে ঘূৰি আহে

অনলাইন বাৰ্ত্তাসেৱা– বিশ্বৰ অন্যতম ধনী ব্যক্তি জেফ বেজোছে  মহাকাশ অভিযানৰ প্ৰতি থকা তেওঁৰ দুৰ্বাৰ হাবিয়াস পূৰ কৰি  আন তিনি সহযোগীৰ সৈতে নিৰাপদে উভতি আহিছে। ভাতৃ মাৰ্ক বেজোছ, ৮২ বছৰীয়া ৱেলি ফ্ৰাংক আৰু ১৮ বছৰীয়া শিক্ষাৰ্থী অলিভাৰ ডাইমেন ১০ মিনিটৰ এই মহাকাশ যাত্ৰাত বেজোছৰ সংগী হিচাপে আছিল। এই মহাকাশ অভিযানত বেজোছে কঢ়িয়াই নিছিল  বিশ্বৰ আটাইতকৈ বয়সীয়া আৰু সৰ্বকনিষ্ঠ মহাকাশচাৰী দুগৰাকী। তেওঁলোক হৈছে ফ্ৰেংক আৰু অলিভাৰ।বেজোছে মহাকাশ অভিযান ৰুপায়িত কৰাৰ বাবে প্ৰতিষ্ঠা কৰা  ব্লু অৰিজিন কোম্পানীৰ মহাকাশযান নিউ শ্বেফাৰ্ডত উঠি মহাকাশলৈ ৰাওনা হয়। টেক্সাছৰ ভন হৰ্ণৰ সমীপৰ এক ব্যক্তিগত উৎক্ষেপণ ক্ষেত্ৰৰ পৰা জেফ বেজোছ আৰু  তেওঁৰ  সতীৰ্থসকলে  মহাকাশযাত্ৰা কৰি সফলভাৱে ঘূৰি আহে । এই যানখনে পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বলৈ উৰি গৈ পুনৰ নিৰাপদে পৃথিৱীলৈ নামি আহিবলৈ সক্ষম হয়।

(R.T)