টাৰ্জানৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা জো লাৰাৰ মৃত্যুৰ সন্দেহ

pc abojarock.com

অনলাইন বাৰ্ত্তাসেৱা – টাৰ্জানৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিনেতা জো লাৰাক টেনেচীত বিমান দুৰ্ঘটনাৰ পিছত মৃত বুলি ধাৰণা কৰা হৈছে। শনিবাৰে স্মিৰ্ণা চহৰৰ ওচৰৰ এটা হ্ৰদত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নিহত হোৱা বুলি সন্দেহ কৰা সাতজন লোকৰ ভিতৰত ৫৮ বছৰীয়া লাৰাৰ লগতে আছিল তেওঁৰ পত্নী গোৱেন চাম্বলিন লাৰা উদ্ধাৰকাৰী কৰ্মীসকলে প্ৰকাশ কৰা মতে, তেওঁলোকে দুৰ্ঘটনাস্থলীত বিচাৰি পাইছিল বিমানৰ ধ্বংসাৱশেষ আৰু মানুহৰ অৱশেষ।