টাইৱানত হস্তক্ষেপক লৈ জাপানলৈ চীনৰ পাৰমাণৱিক বোমা ব্যৱহাৰ কৰাৰ ভাবুকি

pc OpIndia

অনলাইন বাৰ্ত্তাসেৱা – চীনৰ কমিউনিষ্ট পাৰ্টিৰ দ্বাৰা অনুমোদিত এটা চেনেলত সম্প্ৰচাৰিত এটা ভিডিঅ’ত দেশখনে টাইৱানত হস্তক্ষেপৰ বাবে জাপানৰ বিৰুদ্ধে “নিৰন্তৰ পাৰমাণৱিক বোমা” ব্যৱহাৰ কৰাৰ ভাবুকি দিয়া দেখা যায়। পাঁচ মিনিট দৈৰ্ঘৰ ভিডিঅ’টো চীনৰ জিগুয়াত আপলোড কৰা হৈছিল আৰু এই ভিডিঅ’টোৱে ২০ লাখ ‘ভিউ’ লাভ কৰিছিল। ইয়াৰ পিছত এই ভিডিঅ’টো আঁতৰাই পেলোৱা হয়, অৱশ্যে, ভিডিঅ’টোৰ প্ৰতিলিপি কিছুসংখ্যক ইউটিউব আৰু টুইটাৰ ব্যৱহাৰকাৰীয়ে আপলোড কৰে।

(UD.)