টকিঅ’ পেৰালিম্পিকত ভাৰতৰ প্ৰথমটো পদক

pc Hindustan Times

টকিঅ’ পেৰালিম্পিকত ভাৰতৰ প্ৰথমটো পদক

অনলাইন বাৰ্ত্তাসেৱা – পেৰা টেবুল টেনিছ খেলুৱৈ ভবিনা পেটেলে ৰূপৰ পদক অৰ্জন কৰাৰ পিছত টকিঅ’ পেৰাঅলিম্পিকত নিজৰ পদকতালিকা মুকলি কৰে ভাৰতে। একক শ্ৰেণী ৪ৰ মহিলাৰ ফাইনেলত ৩৪ বছৰীয়া যুৱতীগৰাকীয়ে ৭-১১, ৫-১১, ৬-১১ স্ক’ৰৰ ব্যৱধানত বিশ্বৰ প্ৰথম স্থানত থকা চীনৰ য়িং ঝৌৰ হাতত পৰাস্ত হয়। পেৰাঅলিম্পিকৰ ইতিহাসত পেৰা টেবুল টেনিছত এইটো ভাৰতৰ প্ৰথম পদক।

(UD.)