টকিঅ’ অলিম্পিকৰ প্ৰাক্-মূহুৰ্তত ২ জন কৰ্মী কোভিড পজিটিভ

pc DNA India.jpg

অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ অলিম্পিকৰ এথলীটছ্ ভিলেজৰ দুজন কৰ্মচাৰীয়ে খেলৰ উদ্বোধনী অনুষ্ঠানৰ ১৬ দিন পূৰ্বে কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হয়। এক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে তেওঁলোকে কোভিড-১৯ ৰ নিষেধাজ্ঞা উলংঘা কৰি আন দুজন শ্ৰমিকৰ সৈতে একেটা গোটতে আহাৰ গ্ৰহণ কৰি আছিল। অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ বাবে এই এথলীটছ্ ভিলেজ এতিয়াও মুকলি কৰা হোৱা নাই।

(UD.)