টকিঅ’ অলিম্পিকত  ভাৰত  আৰু আৰ্জেণ্টিনাৰ মাজত হোৱা মহিলাৰ হকী ছেমিফাইনেলত ভাৰত পৰাস্ত

pc-NDTV Sports

টকিঅ’ অলিম্পিকত  ভাৰত  আৰু আৰ্জেণ্টিনাৰ মাজত হোৱা মহিলাৰ হকী ছেমিফাইনেলত ভাৰত পৰাস্ত

অনলাইন বাৰ্ত্তাসেৱা– বুধবাৰে অনুষ্ঠিত হোৱা হকী  ছেমিফাইনেল খনত ২-১গ’লত পৰাজিত হয় ভাৰতৰ মহিলা হকী দলটো। খেলখনৰ আৰম্ভণিতে  গুৰজিৎ কৌৰৰ পেনাল্টি কৰ্ণাৰৰে ভাৰত আগবাঢ়ি আছিল যদিও আৰ্জেণ্টিনাৰ অধিনায়ক নোয়েল বেৰিই  দ্বিতীয় কোৱাৰ্টাৰত গ’ল দি  ইকুইলাইজাৰ কৰিছিল। তেওঁ পুনৰ  তৃতীয় কোৱাৰ্টাৰত পুনৰ গ’ল দি ভাৰতক পৰাস্ত কৰিছিল। ভাৰতৰ দলটোৱে শেষৰ ১৫ মিনিটত কঠোৰ যুঁজ দিছিল যদিও আৰ্জেণ্টিনাৰ হাতত তেওঁলোক পৰাস্ত হʼব লগা হয়। ব্ৰঞ্জৰ পদকৰ বাবে এতিয়া ভাৰতে গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে অৱৰ্তীণ হব ।

(R.T)