টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে প্ৰথমটো ৰূপৰ পদক

pc Scroll

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ তাৰকা ৱেইটলিফ্টাৰ মীৰাবাই চানুৱে টকিঅ’ অলিম্পিক ২০২০ৰ প্ৰথম দিনা মহিলাৰ ৪৯ কিলোগ্ৰাম ইভেণ্টত এক বীৰত্বপূৰ্ণ প্ৰদৰ্শন আগবঢ়াই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হম। মীৰাবাই চানুৱে ইয়াৰ জৰিয়তে এক ইতিহাসৰ সূচনা কৰে কাৰণ, তেওঁ টকিঅ’ অলিম্পিক ২০২০ ৰ প্ৰথমটো দিনতেই মহিলাৰ ৪৯ কিলোগ্ৰাম ইভেণ্টত পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় ৱেইটলিফ্টাৰ হিচাপে ৰূপৰ পদক অৰ্জন কৰে। লগতে, টকিঅ’ গেমছত এয়া ভাৰতৰ প্ৰথমটো পদক। ভাৰতৰ হৈ অলিম্পিকৰ পদক জয় কৰা কৰ্ণম মল্লেশ্বৰীৰ পিছত চানু দ্বিতীয় ৱেইটলিফ্টাৰ।

(UD.)