টকিঅʼ পেৰালিম্পিকত প্ৰথম ভাৰতীয় মহিলা হিচাপে শ্বুটাৰ অৱনী লেখাৰা স্বৰ্ণ জয়

pc-The Economic Times

টকিঅʼ পেৰালিম্পিকত প্ৰথম ভাৰতীয় মহিলা হিচাপে শ্বুটাৰ অৱনী লেখাৰা স্বৰ্ণ জয়

অনলাইন বাৰ্ত্তাসেৱা- শ্বুটাৰ অৱনী লেখাৰা টকিঅ’ পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং (এছএইচ১) প্ৰতিযোগিতাত পোডিয়ামত শীৰ্ষস্থান দখল কৰে। পেৰালিম্পিক স্বৰ্ণ পদক জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈ শ্বুটাৰ অৱনী লেখাৰা। ভাৰতীয় শ্বুটাৰ গৰাকীয়ে পেৰালিম্পিক ২৪৯.৬ নম্বৰৰ শ্বুটিং কৰি বিশ্ব ৰেকৰ্ড গঢ়িছিল আৰু সোণৰ পদক জিকিছিল। চীনৰ কুইপিং ঝাঙে ২৪৮.৯ আৰু ইউক্ৰেইনৰ ইৰিনা শ্চেটনিকে মুঠ ২২৭.৫ ৰে ব্ৰঞ্জৰ পদক লাভ কৰে। শ্বুটাৰ অৱনী লেখাৰা পেৰালিম্পিকত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় মহিলা।

 

(RT)