জয় গুৰু শংকৰ- নিতিস্মান দাস

pc-Facebook

     জয় গুৰু শংকৰ- নিতিস্মান দাস

কুসুম্বৰৰ পুত্ৰ শী শংকৰ গুৰু তুমি, ধৰিলা নামৰ তান,

     পবিত্ৰ কৰিলা বৰদোৱা ধাম।

শংকৰ গুৰু তুমি ধৰ্ম থাপিলা,

হৰিৰ দৰে তোমাৰ কি যে লীলা।

ঈশ্বৰৰ দূত ৰূপে ধৰালৈ আহিলা,

অসমৰ সন্তান হৈ ধৰ্ম প্ৰচাৰিলা।

   শংকৰ গুৰু থাকা ধৰ্মৰ চৰণত তুমি,

     ধন্য হল তোমাৰ পৰা অসম ভূমি।

        ধৰ্ম গুৰু তুমি সকলোৰে,

       থাকা তুমি মণিকূটৰ চৰণে।

        শংকৰ গুৰু তুমি নমস্য,

   আছিল মাধৱদেৱ তোমাৰ প্ৰিয় শিষ্য।

   কৰ তল কমল লিখিলা শিকি বৰ্ণমালা,

 হাতী মাৰি ভুৰুকাত ভৰাই লিখিলা গুণমালা।

     প্ৰিয় হয় তোমাৰ আই খেৰসুতি,

 জিলিকাই ৰাখিলা তুমি অসমৰ সংস্কৃতি।

     শিক্ষা গুৰু তেমাৰ মহেন্দ্ৰ কন্দলী,

উজ্জ্বল হৈ থাকা অসমৰ আকাশত যেন তৰাৰ তৰাৱলী।

     দেৱ উপাধিৰে উজ্জ্বলিল তোমাৰ নাম,

      ধৰ্ম ৰক্ষা কৰা হৈছে আমাৰ কাম।

      কাশী-গঞা বৃন্দাবন কৰিলা ভ্ৰমণ,

      সকলোকে বিলালা ভাগৱত শৰণ।

     কোচবিহাৰৰ পৰা প্ৰস্থান কৰা স্বৰ্গধামলৈ,

       আমাৰ বাবে বৰগীতৰ স্মৃতি থৈ।

          ||জয় গুৰু শংকৰ||