জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘ৰাইজিং ছান’ৰ বিশেষ প্ৰদৰ্শনী

জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘ৰাইজিং ছান’ৰ বিশেষ প্ৰদৰ্শনী

ৰঙিলী বাৰ্ত্তাসেৱা-  গীত ফিল্ম মেকাৰ্চৰ বেনাৰত নিৰ্মিত ‘ৰাইজিং ছান’ নামৰ নতুন অসমীয়া চলচ্ছিত্ৰখনিৰ  জ্যোতি চিত্ৰবনত এক বিশেষ প্ৰদৰ্শনী অনুস্থিত হয়৷ অনুষ্ঠানটোত উপস্থিত থাকে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, জ্যেষ্ঠ চিকিৎসক তথা সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱা, প্ৰতিবন্ধীসকলৰ বাবে আয়ুক্ত দেবেশ্বৰ বৰা, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা-মণ্টু শইকীয়া, ড° অনন্ত মাধৱ দত্ত, ডাঃ যদুনাথ বুঢ়াগোঁহাই, ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটীৰ সহকাৰী প্ৰবন্ধক বসন্ত গগৈ, কণ্ঠশিল্পী ৰোহিত সোণাৰৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি। মূলতঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা দিবাঙ্গসকলে জীৱন যুদ্ধত কিদৰে সমাজৰ অৱহেলা, লাঞ্চনাৰ মুখামুখি হয়, সমাজত নিজৰ অধিকাৰ বিচাৰি যাওঁতে সমাজ আৰু প্ৰশাসনৰ পৰা কিদৰে নিৰ্যাতিত হয় তাৰে পটভূমিত নিৰ্মাণ কৰা ছবিখনৰ বিশেষ বৈশিষ্ট্য হৈছে ছবিখনত অভিনয় কৰা প্ৰত্যেকজন দিবাঙ্গ চৰিত্ৰৰ ব্যক্তিয়েই সঁচা অৰ্থত একো একোজন দিব্যঙ্গ৷ ‘ৰাইজিং ছান’ৰ কাহিনী-চিত্ৰনাট্য-সংলাপ তথা পৰিচালনা কৰিছে মনোজ বৈশ্যই৷ প্ৰযোজনা কৰিছে নৃপেন মালাকাৰে৷ চিত্ৰগ্ৰহণকাৰী বীৰেণ দাস আৰু মনোজ বৈশ্য৷ সম্পাদনা কৰিছে মনোজ বৈশ্যই৷ গ্ৰাফিক্স- টুটুল, লাইভ চাউণ্ড- ৰূপম জামানৰ, শব্দ সংমিশ্ৰণ তথা ছবিখনিৰ সংগীত পৰিচালক হৃদয় ৰঞ্জন চৌধুৰী৷ ‘ৰাইজিং ছান’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে– জয়ন্ত ভাগৱতী, পৰাণ কমল, দ্বিবন কুমাৰ বৈশ্য, বিপুল দাস, নৃপেন মালাকাৰ, বিউটি গগৈ, ৰবীন হালৈ, ৰিমঝিম শৰ্মা, ৰঞ্জন দাস, বিপুল দাস, তপন ডেকা, নৱজ্যোতি কাশ্যপ, মুকুল, ভৱেশ দাস, প্ৰিন্সী গগৈ, কুলধৰ বৰুৱা, অৰুণ ভূঞা, দীপেন ভূঞা, সুখদেৱ মণ্ডল, পংকজ নাথ, অনু দাস, অভিজিৎ মহাপাত্ৰ, নিপুল কলিতা, ৰাজেন বনিয়া, চন্দন দাস, হিমাংশু নাথ, চিত্তৰঞ্জন কলিতা, অমৃত শৰ্মা, ৰাজেন বনিয়া, প্ৰসন্ন শৰ্মা, ৰাজু চেত্ৰী, ৰঞ্জিত চেত্ৰী, বীৰেণ মালাকাৰ, সম্প্ৰীদ বি মালাকাৰ, ড॰ অৰুণজ্যোতি দত্ত, সুনীল দাস, হৰেন বৰ্মন, ৰীতা দাস আৰু বহুতো৷ ছবিখনে ইতিমধ্যে আমেৰিকাৰ Accolade Globle Film completionত ৪৩,০০০ খন ছবিৰ ভিতৰত প্ৰতিবন্ধী শিতানত শ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰে৷ তদুপৰি Crownwood International Film Festivalত শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান, Unicom International Film Festivalত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে৷ লগতে ছবিখনত দুগৰাকী প্ৰতিবন্ধী ব্যক্তি ক্ৰমে– নৃপেন মালাকাৰ আৰু বিউটি গগৈয়ে শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰী বঁটাৰ বাবে Crownwood International Film Festivalnত নিৰ্বাচিত হোৱাৰ উপৰি মুম্বাইৰ 8th Indian Cine Film Festival ২০০০ best debut Director খিতাপ লাভ কৰে৷